• Home
  • »
  • News
  • »
  • assam
  • »
  • Weather|Rain : আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমত ধাৰাসাৰ বৰষুণৰ আগজাননী

Weather|Rain : আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমত ধাৰাসাৰ বৰষুণৰ আগজাননী

Weather|Rain: কিছু ঠাইত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। এই বৰষুণৰ ফলত গৰমৰ পৰা কিছু সকাহ পাব।

Weather|Rain: কিছু ঠাইত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। এই বৰষুণৰ ফলত গৰমৰ পৰা কিছু সকাহ পাব।

Weather|Rain: কিছু ঠাইত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। এই বৰষুণৰ ফলত গৰমৰ পৰা কিছু সকাহ পাব।

  • Share this:
উৎকট গৰমে (Heat Wave) দহিছে ৰাজ্যৰ লগতে মহানগৰীবাসীক । ইয়াৰ মাজতে সকাহৰ খবৰ দিছে বতৰ বিজ্ঞান কেন্দ্ৰ (IMD)ই। আজি ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কিছু কিছু ঠাইৰ বাসীয়ে গৰমৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰে।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ (Rain) হোৱাৰ উপৰিও কিছু ঠাইত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। এই বৰষুণৰ ফলত গৰমৰ পৰা কিছু সকাহ পাব।

তাৰোপৰি ২৪ ঘণ্টাৰ ভিতৰত অসমত বিজুলী ধেৰেকেনি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপ মান আছিল 36.3 ডিগ্ৰী , ডিব্ৰুগড়ত 35.8 ডিগ্ৰী, তেজপুৰত 35.6 ডিগ্ৰী, শিলচৰত 34.8 ডিগ্ৰী, ধুবুৰীত 34.3 ডিগ্ৰী আৰু উত্তৰ লক্ষীমপূৰত 34.9 ডিগ্ৰী চেলচিয়াছ আছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি