বিধান সভাত গো সুৰক্ষা বিষয়ক বিধেয়ক উত্থাপন হোৱাৰ পিছতেই এতিয়া ৰাজ্যত গৰু বিক্ৰী চক্ৰক ৰাইজ তথা আৰক্ষীয়ে আটক কৰা আৰম্ভ কৰিছে। ৰাজ্যৰ সমান্তৰালকৈ মহানগৰীটো এতিয়া গৰু বিক্ৰী চক্ৰক উৎখাত কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাইজ তথা আৰক্ষী।
বৃহস্পতিবাৰে দিনৰ ভাগত মহানগৰীৰ পানীখাইতিৰ লাহাপাৰাত এটি গৰু বিক্ৰী চক্ৰক আটক কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজ । জানিব পৰা মতে বৃহস্পতিবাৰে দিনৰ ভাগত ৰাজপথেৰে দুটি দমৰা গৰু এৰাল লগাই খেদি গৈ থকা সময়তে লাহাপাৰাত থকা স্থানীয় ৰাইজে গৰু দুটা খেদি লৈ গৈ থকা লোক কেইজনক সোধা পোছা কৰে।
ৰাইজে জানিব পাৰে যে যি দুটা গৰু বিক্ৰীৰ বাবে অনা বুলি কৈছে সেই গৰু দুটা গৰু বিক্ৰী কৰা ৰছিদ খনৰ লগত কোনো মিল নাই। তেতিয়াই স্থানীয় লোক সকলে গৰু দুটা আৰু গৰু বিক্ৰী কৰা হাচেন আলিক আটক কৰি পানীখাইতি আৰক্ষী চকীত খবৰ দিয়ে। পিছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাচেন আলীৰ লগতে গৰু দুটাকো পানীখাইতি আৰক্ষী চকীলৈ লৈ যায়। তদুপৰি গৰু দুটা বিক্ৰী কৰা হাচেন আলিয়ে জনোৱা মতে গৰু দুটা ক্ৰয় কৰা লোক জনে মুঠ ৬৬,০০০ হাজাৰ টকাত গৰু দুটি ক্ৰয় কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|