মুখ্যপৃষ্ঠা »খবৰ »অসম »G20 সন্মিলনৰ বাবে মহানগৰীৰ পদপথত উচ্ছেদ অভিযান, পথ ব্যৱসায়ী সন্থাৰ ক্ষোভ

G20 সন্মিলনৰ বাবে মহানগৰীৰ পদপথত উচ্ছেদ অভিযান, পথ ব্যৱসায়ী সন্থাৰ ক্ষোভ

মহানগৰীৰ সৌন্দৰ্য ৰক্ষাত বাধাৰ সৃষ্টি নহয় তাৰ বাবে মহানগৰীৰ প্ৰতিটো পথ–উপপথত চলিছে উচ্ছেদ৷

মহানগৰীৰ সৌন্দৰ্য ৰক্ষাত বাধাৰ সৃষ্টি নহয় তাৰ বাবে মহানগৰীৰ প্ৰতিটো পথ–উপপথত চলিছে উচ্ছেদ৷

  • Share this:
G20 বৈঠকলৈ মাজত মাত্ৰ কেইটামান দিন৷ বৈঠকলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত তৎপৰ হৈছে প্ৰশাসন৷ আগশাৰীৰ ২৯ দেশৰ আগত নিজৰ মহানগৰখন সুন্দৰ কৰি তোলাৰ লক্ষ্য৷ তাৰ বাবে সজাই–পৰাই তোলা হৈছে মহানগৰীৰ বিভিন্ন স্থান৷

মহানগৰীৰ সৌন্দৰ্য ৰক্ষাত বাধাৰ সৃষ্টি নহয় তাৰ বাবে মহানগৰীৰ প্ৰতিটো পথ–উপপথত চলিছে উচ্ছেদ৷ প্ৰশাসনৰ এনে উচ্ছেদ অভিযানৰ মাজতে সৰৱ হৈ পৰিছে পথ ব্যৱসায়ী সংস্থা৷ আগতীয়া সময় নিদিয়াকৈ প্ৰশাসনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত যধে–মধে উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পথ ব্যৱসায়ী সংস্থা৷

উচ্ছেদৰ সময়ত প্ৰতিষ্ঠানৰ খাদ্য সামগ্ৰীও লৈ যোৱাৰ অভিযোগ৷ সৰু–সুৰা ব্যৱসায় কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা এইসকল ব্যৱসায়ীৰ জীৱনলৈ হঠাৎ আহি পৰিছে অনিশ্চয়তা৷ কিয়নো প্ৰশাসনৰ উচ্ছেদত অচল ব্যৱসায়৷ এই সমস্যা স্থানে স্থানে ভেণ্ডৰ জ’ন পাতি সমাধান কৰাৰ দাবী ব্যৱসায়ী সন্থাৰ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি