ন-ৰূপত জিলিকি উঠিছে গুৱাহাটী মহানগৰী। ৰং তুলিকাৰে ৰঙীন কৰি তোলা হৈছে দেৱালসমূহ। পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা হৈছে বাট-পথ। বিদেশী অতিথিক আদৰিবলৈ সাজু হৈছে গুৱাহাটী। মহানগৰীৰ প্ৰান্তে প্ৰান্তে দেৱালসমূহত বিশেষ ছবি অংকন কৰা হৈছে। পথৰ ডিভাইডাৰত দিয়া হৈছে নতুন ৰং। বাট-পথ পৰিষ্কাৰ কৰি নিকা কৰা হৈছে। ঠায়ে ঠায়ে লগোৱা হৈছে প্ৰধানমন্ত্ৰী মোদীৰ ফটোসম্বলিত বেনাৰ - পোষ্টাৰ।
জনতা ভৱনৰ সন্মুখত আঁৰি দিয়া হৈছে দেশৰ লগতে G-20 (G20 Summit in Guwahati)ত ভাগ ল'ব লগা ২০ খন দেশৰ পতাকা। ছেল্ফি জ'নলৈ পৰিৱৰ্তিত হৈছে জনতা ভৱনৰ সন্মুখভাগ। আনহাতে মহানগৰীৰ উৰণীয়া সেতুৰ খুঁটাসমূহতো অসমীয়া পৰম্পৰাগত ছবি সম্বলিত কৰা হৈছে।
উল্লেখ্য, দেশত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব জি২০ বৈঠক। বিশ্বৰ ২৯খন আগশাৰীৰ দেশে অংশগ্ৰহণ কৰিব এই বৈঠকত। সৌভাগ্যক্ৰমে অসমতো অনুষ্ঠিত হ'ব ইয়াৰে ৫খন বৈঠক। ইয়াৰ বাবে মহানগৰীখন সুন্দৰ কৰিবলৈ বিগত কিছুদিন ধৰি চলিছে প্ৰস্তুতি।
গুৱাহাটীৰ লগতে বৈঠক অনুষ্ঠিত হ'ব ডিব্ৰুগড়ত। গুৱাহাটীত ২, ৩,৬ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বৈঠক। ১৩, ১৫ মাৰ্চ আৰু ৩ আৰু ৫ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব বৈঠক। ডিব্ৰুগড়ত ২৪ আৰু ২৫ মাৰ্চত অনুষ্ঠিত হ'ব G-20 সন্মিলনৰ বৈঠক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|