মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে জনপ্ৰিয় ফেচবুক মহিলা গোট অপৰূপাৰ বিশেষ পদক্ষেপ

Guwahati: আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে জনপ্ৰিয় ফেচবুক মহিলা গোট অপৰূপাৰ বিশেষ পদক্ষেপ

৮ মার্চত বর্ণাঢ্য কাৰ্যসূচীৰে ৰুক্মিণীগাঁৱৰ ৰঙ্গমঞ্চত উদযাপন কৰিব আন্তর্জাতিক নাৰী দিৱস

৮ মার্চত বর্ণাঢ্য কাৰ্যসূচীৰে ৰুক্মিণীগাঁৱৰ ৰঙ্গমঞ্চত উদযাপন কৰিব আন্তর্জাতিক নাৰী দিৱস

  • Share this:
জনপ্ৰিয় ফেচবুক মহিলা গোট অপৰূপাৰ বিশেষ পদক্ষেপ। ৫০ হাজাৰৰো অধিক সদস্যভুক্ত গোটটিয়ে অহা ৮ মার্চত ৰুক্মিণীগাঁৱৰ ৰংগমঞ্চত বর্ণাঢ্য কাৰ্যসূচীৰে আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰিব। আন্তর্জাতিক নাৰী দিৱসৰ দিনা অপৰূপাই অসমৰ বিভিন্ন ক্ষেত্ৰত স্বকৰ্মৰে বিভূষিতা বহুকেইগৰাকী নাৰীক যথোচিত সন্মান  (honour many women) জনাবলৈ আয়োজন কৰিছে এক অনুষ্ঠানৰ।

উক্ত অনুষ্ঠানতেই অসম আৰক্ষী মহাপৰিদৰ্শক ভায়োলেট বৰুৱা, সাহিত্য অকাডেমি বঁ‌টা প্ৰাপক ড° ৰীতা চৌধুৰী, জ্যেষ্ঠ সাংবাদিক, লেখিকা মাইনী মহন্ত, বহুভাষিক সংগীতশিল্পী সংগীতা কাকতী, অভিনেত্ৰী মৃদুলা বৰুৱাক আগবঢ়াব বঁটা। তেওঁলোকৰ লগতে জ্যেষ্ঠ প্ৰসূতি চিকিৎসক ডাঃ ৰীতা ভূঞা, জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালী, জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা আদিকো বঁ‌টা প্ৰদান কৰা হ'ব।

উল্লেখ্য যে স্বচ্ছ অভিযানৰ সেৱিকা ৰুণুমী গগৈ , ক্ৰিয়েটিভ ডাইৰেক্টৰ মৌচুমী বৰা , মহিলা ড্ৰাইভিং প্ৰশিক্ষক লক্ষীমাই দেৱী , নৰ্থ ইষ্ট লেডী ড্ৰাইভিং প্ৰশিক্ষক দৰ্শনা সেনগুপ্তা , ঢোলবাদক অঞ্জনা গগৈ , সংগ্ৰামী নাৰী পল্লৱী বৰুৱা , শিক্ষানক্ষত্ৰ প্ৰিয়ংকা তালুকদাৰ , নিতুমণি দাস , মিনু হাজৰিকা , কবিতা কলিতাকো উক্ত অনুষ্ঠানতে বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰা হ'ব।

মন কৰিবলগীয়া কথা যে উক্ত দিনাই অপৰূপাৰ (Popular Facebook women's group Aparupa) তৰফৰ পৰা কঠোৰ পৰিশ্ৰমেৰে জীৱন সংগ্ৰামত ব্ৰতী হৈ নিজৰ লগতে নিজ সন্তানক সুনাগৰিক হিচাপে গঢ়ি তোলাৰ পণ লোৱা নাৰীক আৰ্থিকভাবে সাহায্যও প্ৰদান কৰা হ'ব। সেইসকলৰ ভিতৰত লেখিকা হিয়া দাস, কুৰিয়াৰ গাৰ্লখ্যাত পিংকী মালাকাৰ, প্ৰিয়ংকা দাস, কৃষিজীৱী নিৰ্মালি ৰাভা, ই-ৰিক্সা চালক তথা বিশেষভাবে সক্ষম নাৰী আৰফিনা খাতুন, ভাৰতী দাস, পুষ্পলতা দাস, কাৱাৰীৱালা ৱাহিদা বেগম , লোহাৰ ডেম্পৰ কৰ্মী ছৰিপন নেছা আদি অন্যতম।

গুৱাহাটী মহানগৰীৰ গোটানগৰত আয়োজিত এক সংবাদমেলযোগে অপৰূপাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰুণা লাইলা আৰু সভাপতি আঞ্জুমা আহমেদে উক্ত কথাসমূহ জনায়। অহা ৮ মার্চত ৰুক্মিণীগাঁৱৰ ৰঙ্গমঞ্চত আয়োজন হ'বলগীয়া আন্তর্জাতিক নাৰী দিৱস উদযাপন (celebrate International Women's Day) অনুষ্ঠানটোত ৰাইজক উপস্থিত থাকি অপৰূপাৰ সদস্যসকলক উদগনি যোগাবলৈও তেওঁলোকে সংবাদমেলতেই আহ্বান জনায়।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি