বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / গুৱাহাটী / Guwahati News: গুৱাহাটীত নিৰ্মাণ হৈছে শ শ কোটিটকীয়া ফ্লাইঅভাৰ, ভিতৰুৱা অঞ্চলত জৰাজীৰ্ণ বাট-পথ

Guwahati News: গুৱাহাটীত নিৰ্মাণ হৈছে শ শ কোটিটকীয়া ফ্লাইঅভাৰ, ভিতৰুৱা অঞ্চলত জৰাজীৰ্ণ বাট-পথ

Poor road connectivity in Guwahati

Poor road connectivity in Guwahati

গুৱাহাটীত নিৰ্মাণ কৰা হৈছে কোটি কোটি টকীয়া উৰণীয়া সেতু, ফুটব্ৰীজ । কিন্তু উপ-পথসমূহৰ অৱস্থাই জুৰুলা কৰিছে মহানগৰবাসীক ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

মৃগাংক মোহন দত্ত, গুৱাহাটী: নামত স্মাৰ্ট চিটী । কিন্তু বাস্তৱত ? গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটী হিচাপে গঢ় দিয়াৰ চেষ্টা মহানগৰ প্ৰশাসন তথা গুৱাহাটী উন্নয়ন দপ্তৰৰ । কিন্তু বাস্তৱত এয়া কিমানদূৰ সফল হৈছে । মহানগৰীত খোৱাপানী, পাৰ্কিং, কৃত্ৰিম বানপানী আদিকে ধৰি অনেক সমস্যা । কিন্তু এইসমূহ সফলভাৱে সমাধান কৰা ব্যৰ্থ হৈছে বিভাগীয় কৰ্তৃপক্ষ । এই পথটোলৈ মন কৰক ।

বিজ্ঞাপন

ঘোকোট গাঁও বুলি ভুল নকৰিব ৷ এয়া মহানগৰীৰ এটা পথ । গাঁৱৰ দৰেই কেঁচা ৰাস্তাৰ এই পথ আছে খোদ জনতা ভৱনৰ নিচেই কাষতেই । গুৱাহাটীৰ নাৰেংগী, নুনমাটি, কাহিলিপাৰা, বশিষ্ঠ আদিকে ধৰি বহু প্ৰান্তত এতিয়াও পাহাৰৰ টিলাসমূহত নিৰ্মাণ নহ’ল পকী ৰাস্তা, যাৰ ফলস্বৰূপে জীয়াতু ভুগিছে মহানগৰবাসীয়ে । বৃষ্টিপাত হ’লেই এই ৰাস্তাসমূহ পিচল হৈ পৰাত যান-বাহনটো বাদেই খোজকাঢ়িবলৈও অসুবিধা হয় সাধাৰণ নাগৰিকৰ ।

অসুবিধাত পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মচাৰীসকল । গুৱাহাটীত নিৰ্মাণ কৰা হৈছে কোটি কোটি টকীয়া উৰণীয়া সেতু, ফুটব্ৰীজ । কিন্তু উপ-পথসমূহৰ অৱস্থাই জুৰুলা কৰিছে মহানগৰবাসীক ।প্ৰশাসনে কেচাঁপথসমূহ ক্ষীপ্ৰতাৰে পকী কেতিয়া কৰিব তাক লৈ সৃষ্টি হৈছে ডাঙৰ ৰহস্য । কাৰণ উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীতেই এনে পথে মহানগৰ প্ৰশাসনৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে ।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
Tags: assam
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন