স্বাধীনতা দিৱস (Independence Day)লৈ মাজত মাত্ৰ দুটা দিন বাকী । তৎপৰ হৈ পৰিছে ৰাজ্যৰ জিলা প্ৰশাসন সমূহৰ লগতে আৰক্ষী প্ৰশাসন। স্থলপথ, ৰেল পথ, জলপথ সকলোতে এতিয়া আৰক্ষীৰ নিশ্চিদ্ৰ পহৰা।
মহানগৰীৰ প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাইও চলাইছে তালাচী অভিযান। স্থলপথেৰে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানা অতিক্ৰম কৰি মহানগৰীত প্ৰৱেশ কৰা আৰু মহানগৰীৰ পৰা অহা প্ৰতিখন বাহনত তন্ন-তন্নকৈ আৰক্ষীয়ে চলাইছে তালাচী। কেৱল মাত্ৰ বাহনেই নহয় জলপঠতো তালাচীত নামি পৰিছে প্ৰাগজ্যোতিষপুৰ আৰক্ষী। লগতে সহযোগ কৰিছে গাঁওৰক্ষী বাহিনীয়ে ।
যন্ত্ৰ চালিত নাও লৈ আৰক্ষীৰ দলে থানাখনৰ অন্তৰ্গত জলপথসমূহ তন্ন-তন্নকৈ তালাচী চলোৱাৰ লগতে যি সমূহ চৰ-চাপৰি আছে তাতো চলাইছে তালাচী অভিযান। প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যিসমূহ চৰ-চাপৰি আছে সেইসমূহ চৰ-চাপৰিত এনেকৈ প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে অঞ্চল সমূহত সন্দেহজনক লোক আছে নেকি তাৰো তালাচী চলায়।
দুস্কৃতিকাৰীয়ে যাতে সুবিধাজনক ঠাইত আত্মাগোপন কৰি মহানগৰী অথবা মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত কুটাঘাতমূলক কাম কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|