মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Taliban Supporters Granted Bail : অসমত তালিবানৰ সমৰ্থনত ফেচবুকত কথা লিখি গ্ৰেপ্তাৰ হোৱা ১৪জনে লাভ কৰিলে জামিন 

Assam Taliban Supporters Granted Bail : অসমত তালিবানৰ সমৰ্থনত ফেচবুকত কথা লিখি গ্ৰেপ্তাৰ হোৱা ১৪জনে লাভ কৰিলে জামিন 

সাংকেতিক ছবি

সাংকেতিক ছবি

UAPAৰ অধীনত গ্ৰেপ্তাৰ হোৱাৰ পিছতো পৰ্যাপ্ত তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে তালিবানক সমৰ্তন কৰা ১৪জন অভিযুক্তই ।

  • Share this:
মাৰ্কিন সেনাই আফগানিস্তান (Afghanistan)ৰ পৰা প্ৰস্থান কৰাৰ পিছত তালিবানে (Taliban) অস্ত্ৰৰ জোৰেৰে শাসনৰ গাদী দখল কৰাৰ প্ৰক্ৰিয়াক সমৰ্থন (Social Media Post in Support of Taliban in Assam) কৰি অসমত ৰঙাঘৰত সোমাইছিল একাংশ । আগষ্টৰ ২১তাৰিখলৈ অতি কমেও ১৪জন লোকক ফেচবুকত তালিবানৰ সমৰ্থনত কথা লিখাৰ কাৰণে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । ভাৰতীয় দণ্ড বিধি (IPC)ৰ একাধিক দফাৰ লগতে কঠোৰ UAPAও জাপি দিয়া হৈছিল সেই সকলৰ বিৰুদ্ধে । কিন্তু সচৰাচৰ UAPAৰ অধীনত জামিন পোৱা যথেষ্ট কঠিন যদিও ৰাজ্যৰ বিভিন্ন নিম্ন আদালতে তথা উচ্চ ন্যায়ালয়ে সৰ্বমুঠ ১৪জনক জামিন প্ৰদান (Granted Bail) কৰিছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা (CM Himanta Biswa Sarma) আৰু অসম আৰক্ষীৰ শীর্ষ বিষয়া সকলে সেই সময়ত টুইটাৰত গ্ৰেপ্তাৰ হোৱা সকলৰ তালিকা প্ৰকাশ কৰিছিল ।

জামিন লাভ কৰাসকলৰ মাজত আছে AIUDFৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু জমিয়তৰ অসম শাখাৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমি । দৰঙৰ ছিপাঝাৰৰ কাছিমিক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে । কাছিমিক জামিন প্ৰদান কৰি উচ্চ ন্যায়ালয়ে কয় – ফেচবুকৰ কথাখিনিৰ বাহিৰে অভিযুক্তৰ বিৰুদ্ধে অপৰাধমূলক তথ্য পোৱা নগ’ল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামে জামিন প্ৰদান কৰি কয় – যদিও “আপত্তিজনক” কথা খিনি ফেচবুকত তেওঁৱেই লিখিছিল; কিন্তু সেইয়া তেওঁৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ শুনানি আৰম্ভ কৰিবলৈ পৰ্যাপ্ত নহয় ।

উল্লেখযোগ্য যে একবিংশ অসম আৰক্ষী বাহিনীৰ কনিষ্টবল চাইদুল  হকো তালিবানক সমৰ্থন কৰি ফেচবুকত লিখাৰ কাৰণে গ্ৰেপ্তাৰ হৈছিল । তেওঁ ফেচবুকত “অভিনন্দন তালিবান” বুলি লিখাৰ কাৰণে তেওঁৰ বিৰুদ্ধে UAPAৰ অধীনত গোচৰ ৰুজু হৈছিল । আদালতে তেওঁক জামিন প্রদান কৰি কয় – প্ৰাথমিক পৰ্যায়ত তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ধৰণৰ তথ্য প্ৰদান দিব নোৱাৰিলে যি তেওঁ সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰে বুলি প্ৰমাণ কৰে ।

একেধৰণৰ গোচৰত উচ্চ ন্যায়ালয়ে  জামিন প্ৰদান কৰা আন কেইজন হৈছে – জাবেদ হুছেইন মজুমদাৰ, ফাৰুক হুছেইন খান, মজিদুল ইছলাম, অমান হুছেইন, নাদিম আখতাৰ, বছিৰউদ্দিন লস্কৰ, মকবুল আলমগড়, আবু বক্কৰ ছিদ্দিকী, মুজিবুদ্দিন, মুৰতাজা হুছেইন খান আৰু য়াছেন খান ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি