মুখ্যপৃষ্ঠা »খবৰ »অসম »এতিয়াৰে পৰা অৱসৰপ্ৰাপ্ত সকলে পেঞ্চন লাভৰ বাবে দীৰ্ঘসময় অপেক্ষা কৰিব লগা নহ'ব, 'কৃতজ্ঞতা' পৰ্টেলত আবেদন কৰি লাভ কৰিব পেঞ্চন ...

এতিয়াৰে পৰা অৱসৰপ্ৰাপ্ত সকলে পেঞ্চন লাভৰ বাবে দীৰ্ঘসময় অপেক্ষা কৰিব লগা নহ'ব, 'কৃতজ্ঞতা' পৰ্টেলত আবেদন কৰি লাভ কৰিব পেঞ্চন ...

শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ  ছাত্ৰীবাৰীত থকা জিলা প্ৰাথমিক শিক্ষাৰ কাৰ্যায়লত আনুষ্ঠানিকভাৱে পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ  ছাত্ৰীবাৰীত থকা জিলা প্ৰাথমিক শিক্ষাৰ কাৰ্যায়লত আনুষ্ঠানিকভাৱে পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
এতিয়াৰে পৰা অৱসৰ প্ৰাপ্তসকলে পেঞ্চন লাভৰ বাবে দীৰ্ঘসময় অপেক্ষা কৰিব লগা নহ'ব। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতে 'কৃতজ্ঞতা' পৰ্টেলত আবেদন কৰি সময়ত লাভ কৰিব পাৰিব পেঞ্চন । শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ  ছাত্ৰীবাৰীত থকা জিলা প্ৰাথমিক শিক্ষাৰ কাৰ্যায়লত আনুষ্ঠানিকভাৱে পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

জিলায়ে জিলায়ে মুকলি হ'ল ২৭ টা পেঞ্চন সেৱা কেন্দ্ৰ। অসম চৰকাৰৰ উদ্যোগত এমট্ৰনে মুকলি কৰে সেৱা কেন্দ্ৰ সমূহ। কৃতজ্ঞতা পৰ্টেলত আবেদন কৰি সময়ত সকলোৱে লাভ কৰিব পাৰিব পেঞ্চন। বিশেষকৈ শিক্ষকসকলে বিভাগীয় কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি নুফুৰাকৈ প্ৰত্যক্ষভাৱে পেঞ্চন সঞ্চালকালয়লৈ পঠিয়াব পাৰিব আবেদন পত্ৰ।

পেঞ্চন সেৱা কেন্দ্ৰত চাৰ্ভিছ বুক স্কেনিং কৰি সেৱা কেন্দ্ৰৰ জৰিয়তে পেঞ্চন সঞ্চালকালয়লৈ পঠিয়াই দিয়া হ'ব। নিজৰ PPO খনো পেঞ্চন সেৱা কেন্দ্ৰৰ জৰিয়তে লাভ কৰিব পাৰিব আবেদনকাৰীয়ে। শুকুৰবাৰে কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ২৭ টা কেন্দ্ৰ মুকলি কৰা হৈছে।কিন্তু প্ৰত্যেক জিলাতেই কেন্দ্ৰ স্থাপন কৰি মুঠ ৩৫ টা কেন্দ্ৰ মুকলি কৰিবলৈ পেঞ্চন সঞ্চালকালয়ক মুখ্যমন্ত্ৰীৰ আহ্বান।

আনহাতে এতিয়াৰে পৰা পেঞ্চন সেৱা কেন্দ্ৰতে জীৱন প্ৰমাণ দিব পাৰিব পেঞ্চনাৰ সকলে। বেংকলৈ নোযোৱাকৈয়ে জীৱন প্ৰমাণ পত্ৰ দিয়াৰো সুবিধা থাকিব সেৱা কেন্দ্ৰত। প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ উদ্যোগত ৰাজ্যত মুকলি কৰা হৈছে পেঞ্চন সেৱা কেন্দ্ৰ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি