Durga Puja 2021: Covidএ জুৰুলা কৰা পৰিৱেশৰ পিছত এইবাৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব শাৰদীয় দুৰ্গা পূজা। যাৰ বাবে ৰাজ্যৰ সকলো প্ৰান্তৰ কমিটিসমূহ সাজু হৈছে মা দুৰ্গাক আদৰিবলৈ। সাজু হৈ উঠিছে মহানগৰীৰ দুৰ্গা পূজা কমিটিসমূহ। নতুন নতুন বিষয়বস্তু লৈ পূজা অনুষ্ঠিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে পূজা কমিটীসমূহ।
এইবাৰৰ পূজাৰ মুখ্য আকৰ্ষণ হ’ব পাণ্ডুৰ আমেৰিকান কলনীৰ মা দুর্গাৰ প্ৰতিমা। সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনাক অসুৰৰ ৰূপত সজাইছে পূজা কমিটীয়ে। অসুৰ ৰূপী ক’ভিডক নাশ কৰিবলৈ দেৱীয়ে ভেকচিন দিয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে পূজা কমিটীখনে।যাতে ভেকচিনে ক’ভিড নাইকিয়া কৰে,তাৰ এই বাৰ্তা দিয়াৰ উদ্দেশ্যেৰে নিৰ্মাণ কৰা হৈছে এই মূৰ্তি।ইয়াৰ লগতে অন্যান্য আটকধুনীয়া দৃশ্য দেখিবলৈ পোৱা যাব এই পূজা মণ্ডপত। বহি:ৰাজ্যৰ পৰা অহা শিল্পীয়ে নিৰ্মাণ কৰিছে দেৱীৰ প্ৰতিমা।পূজা কমিটিয়ে জনোৱা অনুসৰি চৰকাৰে দিয়া সকলো নীতি নিয়ম নামি পূজা হ’ব।কেৱল পাণ্ডুৰ এইখন পূজাই নহয়,মহানগৰীৰ আন আন পূজা সমূহতো পূজা সৰুকৈ অনুষ্ঠিত কৰিলেও মা দূর্গাৰ প্ৰতিমা নতুন নতুন ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে।উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ ১০০ ৰো অধিক পূজা অনুষ্ঠিত হয় পাণ্ডু অঞ্চলত।একেদৰে ক’ভিডৰ বাবে এটা বছৰৰ পিছত দুৰ্গা পূজাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী।
- First Published :