আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi Birthday)ৰ ৭১ সংখ্যক জন্মদিন। গুজৰাটৰ বাৰাণসীকে আদি কৰি সমগ্ৰ দেশতে অতিকৈ উলহ-মালহেৰে উদযাপন কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন। মোদীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা লোৱা হৈছে কেতবোৰ বিশেষ কাৰ্যসূচী।
জানিব পৰা মতে, মোদীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে কাশীৰ ভাৰত মাতা মন্দিৰত ৭১ হাজাৰ মাটিৰ চাকি জ্বলোৱা হ'ব। ইয়াৰোপৰি বিজেপিয়ে 'ধন্যবাদ মোদীজী' (Thank You Modiji) লিখা ১৪ কোটি ৰেচন বেগ বিতৰণ কৰা হ'ব। তদুপৰি, প্ৰধানমন্ত্ৰীৰ ফটোসহ দেশৰ বিভিন্ন ডাকঘৰলৈ প্ৰেৰণ কৰা হ'ব ৫ কোটি পোষ্ট কাৰ্ড। দেশৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, ৰেচন কাৰ্ড বিতৰণ, পৰিচ্ছন্নতা কাৰ্যসূচীকে ধৰি আন কেইবাটাও আঁচনিৰ পৰিকল্পনা কৰা হৈছে। এই সকলোবোৰ অনুষ্ঠান তথা কাৰ্যসূচী আজিৰে পৰা ২০ দিন পৰ্যন্ত অব্যাহত থাকিব।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনত ৰাজ্য চৰকাৰ আৰু বিজেপি দলৰ নেতা–কৰ্মীসকলে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচী হাতত লয়। মোদীৰ দীৰ্ঘায়ু কামনাৰে অসমৰ সকলো প্ৰান্তৰ নামঘৰ, মঠ-মন্দিৰ, গিৰ্জা, মছজিদত প্ৰাৰ্থনা আগবঢ়ায়। মন কৰিবলগীয়া কথা, আজি জালুকবাৰী মণ্ডল বিজেপিৰ উদ্যোগত ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দৰ এটি দল আজি উপস্থিত হয় শক্তিপীঠ কামাখ্যা মন্দিৰত।
সাংসদ পল্লৱলোচন দাস, জিএমচিৰ প্ৰাক্তন মেয়ৰ তথা বিজেপি নেতা মৃগেন শৰণীয়াকে প্ৰমুখ্য কৰি জালুকবাৰী মণ্ডল বিজেপি বিভিন্ন নেতা-কৰ্মী থকা দলটোৱে মা কামাখ্যাৰ ওচৰত সেৱা প্ৰাৰ্থনা আগবঢ়োৱাৰ লগতে বন্তি প্ৰজ্বলনেৰে প্ৰধানমন্ত্ৰীগৰাকীৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰে।
ইফালে, সাংসদ পল্লৱলোচন দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰিবলৈ কৰা চেষ্টাৰ কথা উল্লেখ কৰি ভাৰতৰ প্ৰতিজন নাগৰিকে সেৱামূলক কাৰ্যত ব্ৰতী হোৱাটোৱেই প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ উৎকৃষ্টতম উপহাৰ বুলি মন্তব্য কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|