
গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰত্যাহাৰৰ দাবী জনায় বিৰোধী বিধায়কসকলে।
গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰত্যাহাৰৰ দাবী জনায় বিৰোধী বিধায়কসকলে।
'আজিৰ দিনটো বিধানসভাৰ বাবে ক'লা দিন।' বিধায়কৰ ক্ষমতা সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সম্পৰ্কত বিৰোধী বিধায়কে বিধান সভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।
ইপিনে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্যক অগণতান্ত্ৰিক আৰু অসাংবিধানিক আখ্য দি হিৰোধী বিধায়কৰ অধিকাৰ খৰ্ব কৰা নচলিব বুলি হুংকাৰ দিয়ে। প্ৰতিবাদী বিধায়কসকলে মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰত্যাহাৰ কৰিবলৈও দাবী জনায়। গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰত্যাহাৰৰ দাবী জনায় বিৰোধী বিধায়কসকলে।
উল্লেখ্য যে কিছুদিন পূৰ্বে 'বিধায়কসকলৰ কাম কেৱল বিধানসভাত আইন বনোৱাহে আৰু সমষ্টিৰ কাম-কাজৰ বাবে DC, SDCক বিধায়কে কোনো নিৰ্দেশ দিব নোৱাৰে' বুলি মন্তব্য সৰভোগ সমষ্টিৰ বৰপেটাৰোডত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|