অনলাইন শ্ব’পিঙৰ নামত প্ৰৱঞ্চনাৰ বলি এগৰাকী মহিলা। প্ৰৱঞ্চকে লুটিলে ২ লাখ ৫০ হাজাৰ টকা। জু-ৰোডৰ নিহাৰিকা বৈশ্য নামৰ মহিলাগৰাকীয়ে Lime Road এপযোগে অনলাইনৰ পৰা ক্ৰয় কৰিছিল ১০০০ টকাৰ কাপোৰ। কিন্তু পিছতে ঠগন খালে মহিলাগৰাকীয়ে।
মহিলাগৰাকীয়ে অৰ্ডাৰ কৰা কাপোৰৰ বিপৰীতে প্ৰথমে আহিল অন্য ধৰণৰ কাপোৰ। পছন্দ নোহোৱাত কাপোৰ ওভতাই দিলে আৰু টকা ওভতাই বিচাৰিছিল নিহাৰিকা বৈশ্যই।
ধন ওভতাই দিয়াৰ বাবে একাউণ্ট নম্বৰ দিয়াৰ পিছতে একাউণ্টৰ পৰা নোহোৱা হল আঢ়ৈ লাখ টকা। সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|