গুৱাহাটী মহানগৰৰ বৰবাৰীৰ মিলন নগৰত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনত নিহত হয় এজন শ্ৰমিক। নিহত শ্ৰমিক জন হৈছে সাতগাঁও নোৱাপাৰাৰ হাবেজ আলী ।
বৰবাৰীৰ মিলন নগৰৰ লক্ষ্মীকান্ত সিনহা নামৰ লোক এজনৰ ঘৰত পাহাৰৰ মাটি কটাৰ বাবে নিয়োগ কৰিছিল তিনিজন শ্ৰমিক। পাহাৰৰ মাটি কাটি থাকোতে অহা মুষলধাৰ বৰষুণৰ পিছতে এজন শ্ৰমিকৰ গাত পাহাৰৰ মাটি খহি পৰে। মাটি কাটি থকা অৱস্থাত পাহাৰৰ মাটি খহি কৰুণ মৃত্যুক সাৱটিলে হাবেজ আলী নামৰ শ্ৰমিকজনে।
উল্লেখ্য যে বৰবাৰী মিলন নগৰৰ বাসিন্দা সঞ্জীৱ সিনহাই নিজৰ ঘৰৰ পিছফালে পাহাৰ কটাৰ কামত তিনিজন শ্ৰমিক নিয়োগ কৰিছিল। পাহাৰৰ মাটি কাটি থকা অৱস্থাত ওপৰৰ পৰা মাটি আৰু গছ বাগৰি আহি হাবেজ আলীক হেঁচা মাৰি ধৰে আৰু আন দুজন শ্ৰমিক ঘটনাস্থলীৰ পৰা পলাই আহিবলৈ সক্ষম হয়। পিছত স্থানীয় লোকে মাটি খান্দি শ্ৰমিক জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনাৰ পিছতে দিছপুৰ আৰক্ষী উপস্থিত হৈ শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে।
Published by: Manjumoni Borah
First published: August 06, 2021, 19:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|