পৰাজয় বা ব্যৰ্থতা মানেই নতি স্বীকাৰ নহয়, পৰাজয় হৈছে শিক্ষা আৰু নিজক সুদৃঢ় কৰাৰ পাঠ। আজি অসমৰ বজ্ৰকন্যা লাভলীনা বৰগোহাঁয়ে (Lovlina Borgohain) অসমৰ নতুন প্ৰজন্মক এই বাৰ্তাই দিলে।
গুৱাহাটীত এক সংবাদমেলত ছেমি ফাইনেলত পৰাজয়ৰ প্ৰসংগত লাভলীনাই কয়, "অলিম্পিকৰ ছেমিয়ে মোক বহুত শিকালে। প্ৰতিখন খেলেই বহুত বেছি টাফ আছিল, ছেমিত বহুত টাফ আছিল। কিন্তু এনে নহয় যে মই তাইক ফাইট কৰিব নোৱাৰিম। মোৰ ফাইট মোৰ নিজৰ লগতহে।"
লাভলীনাই আকৌ কয়, "তাই মোক বহুত শিকালে। মোৰ ভুলবোৰ দেখুৱাই দিলে, মই এতিয়া সেইবোৰ শুধৰাই পেৰিছ অলিম্পিকলৈ সাজু হ'ম।"
লাভলীনাৰ এই অনবদ্য সাফল্যৰ আঁৰত আছিল লাভলীনাৰ আত্মবিশ্বাস। লাভলীনাই কয়, "যোৱা প্ৰায় এবছৰ বহুত সমস্যা আছিল। মাৰ অসুখ আছিল। এনেয়েও মই বহুত আবেগিক, কিন্তু মই আত্মবিশ্বাস হেৰুওৱা নাছিলোঁ। প্ৰত্যাহ্বান বহুত আছিল, কিন্তু লক্ষ্যত ফোকাছ আছিল। খেলৰ সময়ত সেইবোৰ কথা ভাবি থকা নাছিলোঁ।"
উল্লেখ্য যে এইবাৰ অলিম্পিকত লাভলীনাকে ধৰি ভাৰতৰ তিনিগৰাকী মহিলা খেলুৱৈয়ে পদক জয় কৰি দেশক ধন্য কৰিছে। এই প্ৰসংগতে লাভলীনাই ছোৱালীসকলৰ মানসিকতাক লৈও কৰে গুৰুত্বপূৰ্ণ মন্তব্য। লাভলীনাই কয়, "ছোৱালীসকলে নিজেই ভাবে যে আমি একো নোৱাৰোঁ, সেইটো এৰিব লাগিব। ছোৱালীসকলে খেলিব বা বহু কাম কৰিব নোৱাৰে বুলি বহুতেই ভাবে, কিন্তু আজাকালি এইবোৰ বহুত সলনি হৈছে।"
আজি দিল্লীলৈ উৰা মৰাৰ পূৰ্বে লাভলীনাক সম্বৰ্ধনা জনায় বহু সংগঠনে। অসম অলিম্পিক সন্থাৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা সমাৰোহত অসম অলিম্পিক সন্থাৰ লগতে অসম ফুটবল সন্থা, অসম ক্ৰিকেট সন্থাকে ধৰি ক্ৰীড়াৰ লগত জড়িত প্ৰায় সকলো সংগঠনে আজি লাভলীনাক সম্বৰ্ধনা জনায়।
এই অনুষ্ঠনতে লাভলীনাৰ ৫ প্ৰশিক্ষকক ৰাজ্য চৰকাৰে প্ৰদান কৰা ১০ লাখ টকাৰ চেক লাভলীনাৰ হাতত অৰ্পণ কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই।
আনহাতে ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণৰ প্ৰাক্তন প্ৰশিক্ষক গীতা চানুৰ অৱদানক স্বীকাৰ কৰি তেওঁৰ চাকৰি স্থায়ী কৰাৰ বাবেও চৰকাৰক আবেদন জনায় লাভলীনাই।
লাভলীনাই কয় যে পদক জয় কৰিলেও তেওঁ সলনি হোৱা নাই। তেওঁ কয়, "মোৰ লক্ষ্য সোণৰ পদকেই আছিল, দেশলৈ এটা পদক আনিলোঁ তাত মই সুখী, তথাপি সোণ জয় কৰিব নোৱাৰি আক্ষেপ থাকিল। কিন্তু পদক জয় কৰাৰ পিছতো মই একে আছোঁ, সলনি হোৱা নাই। "
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|