খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ মাজত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত মন্ত্ৰী অতুল বৰাৰ লগতে মন্ত্ৰী পিয়ুষ হাজৰিকা, কেশৱ মহন্ত আৰু যোগেন মহন্তও উপস্থিত আছিল। আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,সভাপতি দীপাংক নাথ উপস্থিত আছিল।
বৈঠকত NRC আৰু আধাৰ কাৰ্ড সন্দৰ্ভত আলোচনা কৰা হয়। আধাৰ কাৰ্ড (Aadhaar Card) নোহোৱা বাবে বহু খিলঞ্জীয়া লোকৰ অসুবিধা হৈছে। দাবী আৰু আপত্তি (Claim and objection) প্ৰক্ৰিয়াত ২৬ লাখ লোকৰ biometric লোৱা হৈছিলে, কিন্তু আধাৰ কাৰ্ড দিয়া হোৱা নাছিল, এতিয়া তেওঁলোকক আধাৰ কাৰ্ড দিয়া হ'ব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। কিন্তু ইমানৰ পিছতো যদি এনআৰচিত নাম নাহে তেওঁলোকৰ আধাৰ কাৰ্ড কৰ্তন কৰা হ'ব।
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "আমি বাংলাদেশী নামমুক্ত এখন NRC বিচাৰিছোঁ। কিন্তু NRCত উচ্চতম ন্যায়ালয়ৰ নিদেৰ্শনা কায্যকৰী কৰা নহল। এতিয়া বাংলাদেশী মুক্ত NRCৰ বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত এখন আবেদন দিব । কেন্দ্ৰীয় চৰকাৰকো আবেদন দিবলৈ অনুৰোধ কৰিব ৰাজ্য চৰকাৰে। আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে
NRCত নাম নথকা মানুহৰ আধাৰ কাৰ্ড কৰ্তন কৰা হ'ব।"
২৪ মাৰ্চত অন্য সংগঠনৰ লগতো এই সন্দৰ্ভত আলোচনা কৰা হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|