ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰালয়ৰ স্বতন্ত্ৰ সংস্থা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অলপতে উত্তৰ-পূব ক্ষেত্রীয় কেন্দ্রই খুব সুন্দৰভাৱে উদযাপন কৰে ।
এই উপলক্ষে এক বর্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয় । IGNCA উত্তৰ-পূবৰ ক্ষেত্ৰীয় সঞ্চালক সুৰেশ গদুকাই অনুষ্ঠানত অতিথিসকলক আদৰণি জনায় আৰু IGNCAৰ উদ্দেশ্য আৰু লক্ষ্যসমূহৰ বিষয়ে আলোকপাত কৰে ।
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিল্পী তৰালি শৰ্মাৰ বৰগীতেৰে সাংস্কৃতিক সন্ধিয়া আৰম্ভ হয় । ইয়াৰ পাচতে মহাপুৰুষ শ্ৰীমন্ত বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ হীৰকজ্যোতি শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ লোকসংগীত পৰম্পৰাৰ বিৱৰ্তন আৰু বৈচিত্ৰৰ বিষয়ে মনোগ্রাহী বক্তৃতা প্রদান কৰে ।
অনাতাঁৰ শিল্পী নাৰায়ণ কলিতা, অৰূপ কলিতা আৰু হীৰকজ্যোতি বৈশ্যইয়ো তেওঁক সংগ দিয়ে । উপাসনা খাজেনৰ নেতৃত্বত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যৌগল জাগৈ শীর্ষক মেইটেই (মণিপুৰ) লোকনৃত্য প্ৰদৰ্শনেৰে অতিথিসকলক মোহিত কৰে । ৰঞ্জন বেজবৰুৱা আৰু তেওঁৰ দলটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ কেইটামান গীত সংস্কৃতত পৰিৱেশন কৰে ।
অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ মিউজিকেল মেডলী পৰিৱেশন কৰে চাও প্রীতম বৰাৰ নেতৃত্বত লুইত চাপৰি দলে । মনোজ বৰুৱা আৰু ড° পূৰবী শৰ্মাৰ নেতৃত্বত গুৱাহাটী সংগীত বিদ্যালয়ৰ দলৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ লোক-পৰম্পৰাগত সুৰত ভায়লিন কনৰ্চাটেৰে সামৰণি পৰে মনোগ্ৰাহী অনুষ্ঠানটোৰ ।
সন্মানীয় অতিথিৰূপে অনুষ্ঠানত উপস্থিত থাকে বাংলাদেশৰ সহকাৰী উচ্চাযুক্ত ৰুহুল আমিন, বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ উপাচার্য তথা নাগালেও কেন্দ্রীয় বিশ্ববিদ্যালয়কে ধৰি চাৰিখন বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচার্য অধ্যাপক জি ডি শর্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ পাৰফর্মিং আর্টছৰ সঞ্চালক অধ্যাপক আশা কোঠাৰী, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড অসমৰ অধ্যক্ষ ড° অৰূপ মিশ্ৰ, ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ আহ্বায়ক ড° বিষ্ণু প্ৰসাদ অধিকাৰী আৰু আইডিবিআই বেংকৰ মহাপ্ৰবন্ধক ড° অজন্তা ফাটোৱালী ।
অনুষ্ঠানতে আইজিএনচিত্ৰৰ উত্তৰ-পূব ক্ষেত্ৰীয় কেন্দ্ৰৰ যাত্ৰা আৰু কৃতিত্বৰ দৃশ্য-শ্রাব্য প্ৰদৰ্শন কৰা হয় ।
Published by: Subham Goswami
FIRST PUBLISHED : March 21, 2023, 17:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।