গুৱাহাটীত উপস্থিত হৈছে কমনৱেলথ গেমছ ২০২২ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক বিজয়ী বিন্দিয়াৰাণী দেৱী সোৰোখাইবাম। কিছু সময়ৰ পূৰ্বে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই তেওঁ পোনে পোনে মালিগাৱৰ উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ কাৰ্যালয়ত উপস্থিত হয়।
উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতেই কৰ্মচাৰীসকলে খেলুৱৈগৰাকীক উষ্ম আদৰণি জনায়। ইয়াৰ পাছতেই খেলুৱৈগৰাকীৰ ফাবে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানতেই উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক আঞ্চুল গুপ্তাই খেলুৱৈগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। জানিব পৰা মতে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ তৰফৰ পৰা বিন্দিয়াৰাণী দেৱীলৈ আগবঢ়োৱা হৈছে চাকৰি। আজিৰ সম্বৰ্ধনা অনুষ্ঠানৰ পাছতেই খেলুৱৈগৰাকীয়ে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ চাকৰিত আনুষ্ঠানিকভাৱে যোগদান কৰে। উল্লেখযোগ্য যে, মহিলাৰ ৫৫ কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত বিন্দিয়াৰাণী দেৱী সোৰোখাইবামে ভাৰতৰ হৈ ৰূপৰ পদক জয় কৰিছিল। ইয়াৰোপৰি তেখেতে ক্লিন এণ্ড জাৰ্ক ৰাউণ্ডত ১১৬ কিলোগ্ৰাম লিফ্টৰ সৈতে চিডব্লিউজি ৰেকৰ্ড লিপিবদ্ধ কৰিছিল যিটো তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : August 09, 2022, 20:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।