আঢ়ৈ বছৰ পূৰ্বে দূৰ নহয় গুৱাহাটী বাসীৰ খোৱা পানীৰ সমস্যা (Drinking Water Problem in Guwahati)। খোৱা পানীৰ সমস্যা সমাধানৰ বাবে অপেক্ষা কৰিব লাগিব আৰু আঢ়ৈ বছৰ। এই মন্তব্য কৰিছে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল (Minister Ashok Singhal)ৰ। তেওঁ কয় যে ২০২২ৰ মাৰ্চৰ পৰা গুৱাহাটীৰ কিছু কিছু স্থান বিশেষে যোগান ধৰা হ'ব পানী।
আনহাতে মহানগৰীৰ বিকল WATER ATMক লৈও মন্তব্য কৰিলে অশোক সিংঘালে। WATER ATM ব্যৱস্থা ব্যক্তিগত কৰণ কৰা হ'ব বুলি ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে।
একেসময়তে ১ লাখ টকা ব্যয় কৰি স্থাপন কৰা WATER ATM স্মাৰ্ট চিটিৰ বাবে গ্ৰহণযোগ্য নহয় বুলিও কয় মন্ত্ৰী সিংঘালে।
পানী সমস্যাৰ উপৰি মহানগৰীৰ ১০২টা স্থানত অত্যাধুনিক ট্ৰাফিক লাইট (Traffic Lites) স্থাপনৰ কথা ঘো।ণা কৰে মন্ত্ৰীগৰাকীয়ে। লগতে ট্ৰাফিক ছিগনেল (Traffic Signal) ভংগ কৰিলে ই-চালান (E-Chalan) যোগে জৰিমনা বিহাৰ নতুন ব্যৱস্থা কৰিছে চৰকাৰে।
আনহাতে পূৰ্বে মন্ত্ৰীয়ে কি কৰিছে নাজানো বুলি সমালোচনা কৰি সিংঘালে কয় যে এতিয়াৰ পৰা সঠিক ভাৱে ব্যয় হব GMCৰ ধন। ৬০ লাখ টকা ব্যয় সাপেক্ষে ক্ৰয় কৰা বিকল ৰবটক লৈ অসন্তুষ্ট অশোক সিংঘালৰ এই মন্তব্য।
Published by: Manjumoni Borah
FIRST PUBLISHED : November 18, 2021, 11:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।