মুখ্যপৃষ্ঠা »খবৰ »অসম »Independence Day 2021 : দিনটোৰ কষ্ট, দিনটোৰ বেদনা মই মোৰ কন্যাৰ মুখলৈ চালেই পাহৰি যাওঁ। কন্যা সন্তানক লৈ কি সংকল্প মুখ্যমন্ত্ৰীৰ

Independence Day 2021 : দিনটোৰ কষ্ট, দিনটোৰ বেদনা মই মোৰ কন্যাৰ মুখলৈ চালেই পাহৰি যাওঁ। কন্যা সন্তানক লৈ কি সংকল্প মুখ্যমন্ত্ৰীৰ

ৰাজ্যবাসীক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ছোৱালীক ২১ বছৰৰ আগতে বিয়া নিদিওঁ সেই সংকল্প আমি ল'ব পাৰোঁ নেকি! 

ৰাজ্যবাসীক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ছোৱালীক ২১ বছৰৰ আগতে বিয়া নিদিওঁ সেই সংকল্প আমি ল'ব পাৰোঁ নেকি! 

  • Share this:
স্বাধীনতা দিৱসত ভাষণ দি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কন্যা সন্তানসকলক লৈ ক'লে এক বিশেষ কথা। কন্যাসকলক ২১ বছৰৰ আগতে বিয়া নিদিওঁ বুলি ৰাজ্যবাসীক সংকল্প ল'বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

হিমন্ত বিশ্ব শৰ্মাই কয়, "কন্যা সন্তান ভগৱানৰ পৱিত্ৰতম উপহাৰ। আইনমতে কন্যা সন্তানক ১৮ বছৰত বিয়া দিব পাৰি, কিন্তু এইয়া উচিত জানোঁ!"

তেওঁ নিজৰ কন্যাৰ কথা উল্লেখ কৰি কয়, "দিনটোৰ কষ্ট, দিনটোৰ বেদনা, দিনটোৰ পোৱা-নোপোৱা সকলো মই মোৰ কন্যাৰ মুখলৈ চালেই পাহৰি যাওঁ। কিয়নো কন্যা সন্তান হৈছে ভগৱানৰ পবিত্ৰতম উপহাৰ।" ৰাজ্যবাসীক এই সংকল্প লোৱাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ছোৱালীক ২১ বছৰৰ আগতে  বিয়া নিদিওঁ সেই সংকল্প আমি ল'ব পাৰোঁ নেকি!

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি