১৫ আগষ্টৰ পূৰ্বে খোলা নহয় আন্তঃজিলা যাতায়াত (Inter District Transport)। এই কথা আজি স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। সান্ধ্য আইন(Curfew) আৰম্ভ হোৱাৰ দিনৰে পৰা বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত পুনৰ আৰম্ভ কৰাৰ বাবে বিভিন্ন পক্ষৰ পৰা দাবী উত্থাপন হৈ আহিছে। কিন্তু আজি মু্খ্যমন্ত্ৰীৰ ভাষ্যৰ পৰা এই কথা স্পষ্ট হ'ল যে আন্তজিলা যাতায়াত সোনকালে আৰম্ভ হোৱাৰ আশা নাই।
অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই সপ্তাহত এদিন বা দুদিনকৈ আন্তজিলা যাতায়াত খোলাৰ ব্যৱস্থা কৰা হ'ব পাৰে বুলিও মন্তব্য কৰিছে। তেওঁ কয় যে প্ৰথমে সপ্তাহত এদিন-দুদিন আৰু পিছত তিনি-চাৰিদিনকৈ পৰ্যায় ক্ৰমে আন্তঃজিলা যাতায়াত খোলা হ'ব।
তেওঁ আৰু কয় যে যি সময়ত ৰাজ্যত দৈনিক ২০-২৫জন লোক কোৰোণাত মৃত্যু হৈ আছে এনে পৰিস্থিতিত এই সিদ্ধান্ত উচিত নহ'ব।
ইপিনে সম্পূৰ্ণ কণ্টেইনমেণ্ট (Total Containment)হৈ থকা জিলা ৫খনত সোমবাৰৰ পৰা কাৰ্ফিউ শিথিল কৰাৰ বাবে চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলিও জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|