মুখ্যপৃষ্ঠা »খবৰ »অসম »UPSC CSE 2022: কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাত সফলতা অৰ্জন গুৱাহাটীৰ নিবেদিতা দাসৰ

UPSC CSE 2022: কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাত সফলতা অৰ্জন গুৱাহাটীৰ নিবেদিতা দাসৰ

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাত সফলতা অৰ্জন গুৱাহাটীৰ নিবেদিতা দাসৰ

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাত সফলতা অৰ্জন গুৱাহাটীৰ নিবেদিতা দাসৰ

উল্লেখযোগ্য যে, ২০২১ বৰ্ষত প্ৰথম বাৰৰ বাবে UPSC পৰীক্ষাত অৱতীৰ্ণ হৈছিল নিবেদিতা। ২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে UPSC পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অর্জন কৰিলে নিবেদিতাই ।

  • Share this:
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ অসামৰিক পৰীক্ষাত (UPSC CSE 2023) ৮৪৮ সংখ্যক স্থান লাভ কৰিছে গুৱাহাটীৰ জুৰিপাৰৰ নিবেদিতা দাসে। NHIDCL ত স্নাতক অভিযন্তা হিচাপে কৰ্মৰত আছিল নিবেদিতা । ২০২০ চনত চাকৰি জীৱন এৰি UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল নিবেদিতা দাসে ।

বৰসজাইৰ মহৰ্ষি বিদ্যামন্দিৰৰ পৰা ২০১৩ চনত মেট্ৰিক আৰু ২০১৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় নিবেদিতা। মেট্ৰিকত CGPA ১০ আৰু উচ্চতৰ মাধ্যমিকত ৯৪% লাভ কৰিছিল নিবেদিতাই । তাৰপিছত NIT শিলচৰৰ পৰা চিভিল ইঞ্জিনীয়াৰিং কৰিছিল নিবেদিতা দাসে। লিখা পঢ়া কৰি ভাল পায় নিবেদিতাই।

উল্লেখযোগ্য যে, ২০২১ বৰ্ষত প্ৰথম বাৰৰ বাবে UPSC পৰীক্ষাত অৱতীৰ্ণ হৈছিল নিবেদিতা। ২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে UPSC পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অর্জন কৰিলে নিবেদিতাই ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি