মহানগৰীৰ জালুকবাৰী–আদাবাৰীত কোভিডৰ বাবে জাৰি থকা সান্ধ্য আইন উলংঘা হোৱাৰ অভিযোগ উত্থাপন হৈছে। জালুকবাৰী–আদাবাৰীৰ ৰাজ্যিক পথত ফলমূল ব্যৱসায়ীয়ে সান্ধ্য আইন ভংগ কৰি মুকলিভাৱে বিক্ৰী কাৰ্য অব্যাহত ৰাখিছে। দোকানীসকলে সান্ধ্য আইন ভংগ কৰাৰ উপৰি নামানে কোনো কোভিড প্ৰট'কলো। জালুকবাৰী আৰক্ষী চকীৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত এনে ধৰণে জালুকবাৰী-আদাবাৰীত ৰাজ্যিক পথত সান্ধ্য আইন চলি থকা অৱস্থাত মুকলিভাৱে ফলমূল তথা অন্য সামগ্ৰী বিক্ৰী কৰা কাৰ্য আৰক্ষীৰ চকুত নপৰাত প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|