মুখ্যপৃষ্ঠা »খবৰ »অসম »H3N2 Influenza: পুনৰ আন এক ভাইৰাছৰ সন্ত্ৰাস, ৰাজ্যৰ ভিন্ন প্ৰান্তত আক্ৰান্ত হৈছে বহু লোক

H3N2 Influenza: পুনৰ আন এক ভাইৰাছৰ সন্ত্ৰাস, ৰাজ্যৰ ভিন্ন প্ৰান্তত আক্ৰান্ত হৈছে বহু লোক

ৰাজ্যত দেখা দিছে এক ভয়ংকৰ ভাইৰাছে

ৰাজ্যত দেখা দিছে এক ভয়ংকৰ ভাইৰাছে

অধিক প্ৰদূষণ ফলত এই ভাইৰাছৰ সৃষ্টি হয় । অন্যহাতে শুকান বতৰতো এই ভাইৰাছে আপোনাৰ মোৰ শৰীৰত বাহ লব পাৰে । H3N2 ভাইৰাইছৰ বহুকেইটা লক্ষণ দেখিবলৈ পোৱা যায় । বিশেষকৈ জ্বৰ,কাহ, চৰ্দি, ডায়েৰীয়া হ'ব পাৰে । 

  • Share this:
গুৱাহাটী, ৬ মাৰ্চ: ক'ভিড মহামাৰীৰ পাচত এইবাৰ দেখা দিছে আন এক ভয়ংকৰ ভাইৰাছে । বৰ্তমান ৰাজ্যৰ ভিন্ন প্ৰান্তত বিয়পি পৰা এই ভাইৰাছৰ নাম H3N2 । ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু লোক আক্ৰান্ত হৈছে এই ভাইৰাছৰ দ্বাৰা ।

উল্লেখযোগ্য যে অধিক প্ৰদূষণ ফলত এই ভাইৰাছৰ সৃষ্টি হয় । অন্যহাতে শুকান বতৰতো এই ভাইৰাছে আপোনাৰ মোৰ শৰীৰত বাহ লব পাৰে । H3N2 ভাইৰাইছৰ বহুকেইটা লক্ষণ দেখিবলৈ পোৱা যায় । বিশেষকৈ জ্বৰ,কাহ, চৰ্দি, ডায়েৰীয়া হ'ব পাৰে ।

প্ৰায় ৩ সপ্তাহলৈ এই কাহ থিতাপি ল'ব পাৰে আপোনাৰ শৰীৰত । সাধাৰণতে এই ভাইৰাছত শিশু আৰু বয়সীয়াল লোক তথা কৰ্কট ৰোগী আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি । অন্যহাতে গাহৰি আৰু চৰাইৰ দ্বাৰা এই ভাইৰাছ মানুহলৈ বিয়পাৰ সম্ভাৱনা থাকে ।

এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ হ'লে আপুনি কি কি সাৱধানতা অৱলম্বন কৰিব সেই সম্পৰ্কে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: অভিজিৎ শৰ্মাই । তেওঁ কয় যে জ্বৰ-কাহৰ লক্ষণ দেখিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগি ।

অধিক পৰিমানে শাক-পাচলি খোৱাৰ লগতে ভিৰ থকা পৰিবেশ ত্যাগ কৰাবলৈও তেওঁ পৰামৰ্শ আগবঢ়ায় ৷ মাস্ক পৰিধান কৰিব লাগে । ফাৰ্মাচীৰ পৰা জধে মধে নিজাকৈ এণ্টিবায়েটিক গ্ৰহন নকৰিবলৈ আহ্বান চিকিৎসকৰ ।

জ্বৰ-কাহ হ'লে আন মানুহৰ পৰা দূৰত্ব মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁ কয় যে চৰ্দিৰ লগত যদি কফ ওলাই তেন্তে চিকিৎসকৰ পৰামৰ্শ লব লাগে ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি