ধুবুৰীৰ পৰা তিনিচুকীয়ালৈ চলিল নতুন ৰে'ল ।আজিৰে পৰা আৰম্ভ হৈছে এই নতুন ৰে'ল সেৱা ৷ সপ্তাহত তিনিদিনকৈ চলিবলগীয়া ০৫৯২২/০৫৯২১ নম্বৰৰ এই এক্সপ্ৰেছ ৰে'লৰ সেৱা আজিৰে পৰা আৰম্ভ হোৱাত অসম ৰেলযাত্রী সংস্থাই আদৰণি জনাইছে ৷
অন্যহাতে সংস্থাই এই ৰেল সেৱা অহা ১৮ আগষ্টলৈকেহে অব্যাহত ৰখা হ'ব বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেই কৰা ঘোষণাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সংস্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই এইক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই ৰে'লসেৱাক স্থায়ী ৰূপ দি যাত্ৰীৰ কাৰণে কিছু অতিৰিক্ত ষ্টপেজৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷
দীৰ্ঘদিন ধৰি অসম ৰেলযাত্রী সংস্থাই এই বিষয়ত ৰে'ল কৰ্তৃপক্ষক বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি আহিছিল । ইপিনে, নতুনকৈ প্ৰৱৰ্তন কৰা এই ৰে'লসেৱাৰ ফলত যাত্ৰীসকলে তিনিচুকীয়াৰ পৰা ধুবুৰীলৈ পূৰ্বৰ ১৯ ঘণ্টাৰ পৰিৱৰ্তে ১৪ ঘণ্টাতে যাত্ৰা সম্পূৰ্ণ কৰিব পাৰিব ৷
উল্লেখযোগ্য যে, গুৱাহাটীৰ পৰা লখিমপুৰলৈ দিনৰ ভাগত যোৱা ৰে'লৰ বাবে যথেষ্ট অসুবিধা ভুগিব লগীয়া হয় যাত্ৰীসকল ।
কিন্তু এতিয়াৰে পৰা এদিন বাদ দি এদিনৰ মূৰে মূৰে এই সেৱা অব্যাহত থাকিব ৷ তিনিচুকীয়া ষ্টেচনৰ পৰা বিয়লি ২-৩০ বজাত যাত্ৰা আৰম্ভ কৰি এইখন ৰে'ল লখিমপুৰ হৈ ধুবুৰীত উপস্থিত হ'ব ৷ পুনৰ ধুবুৰীৰ পৰা পুৱা ৫ বজাত তিনিচুকীয়া অভিমুখে যাত্ৰা কৰা ৰে'লখন সন্ধিয়া ৭:৪৫ বজাত তিনিচুকীয়াত উপস্থিত হ'বগৈ ।
Published by: Gautam Barman
FIRST PUBLISHED : March 19, 2023, 22:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।