ডিজিটেলকৰণৰ জৰিয়তে সকলো কাৰ্যলয়ৰ কাম কাজ কৰা হৈছে অনলাইন। অনলাইন ব্যবস্থাক অধিক আগুৱাই নিবলৈ পৰিবহন বিভাগে লৈছে বিশেষ ব্যবস্থা।
ৰাজ্যত স্থাপন কৰা হৈছে ৬০ হাজাৰ COMMON SERVICE CENTER চমুকৈ (CSC) । CSC ৰ জৰিয়তে পৰিবহন বিভাগৰ ৪০ টা কাম অনলাইনৰ জৰিয়তে হ'ব। মধ্যভোগীৰ হাতত নপৰিবৰ বাবে লৈছে এই বিশেষ ব্যবস্থা। কামৰূপ জিলা পৰিবহন বিভাগৰ বিষয়া তথা সহাকাৰী আয়ুক্ত গৌতম দাসৰ উপস্থিত মহানগৰীৰ ১৬৮ স্থানত স্থাপন হোৱা CSC চেন্টাৰৰ শুভাৰম্ভণি কৰে । লগতে চেণ্টাৰৰ স্বতাধিকাৰী সকলক অনুজ্ঞা পত্ৰ প্ৰদান কৰে ।ইয়াৰ জৰিয়তে কিছু নিবনুৱা হ্ৰাস হ'ব বুলি কয় গৌতম দাসে। ইয়াৰ জৰিয়তে উপকৃত হ'ব ৰাইজ। ৩০ টকা চাৰ্জৰ বিনিময়ত সহায় কৰিব জনতাক ।
Published by: Kokil Sarma
FIRST PUBLISHED : August 30, 2022, 15:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।