নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন সাংসদ সুস্মিতা দেৱ (Sushmita Dev)ৰ দলত্যাগৰ ২৪ ঘণ্টা অতিক্ৰম নকৰোতেই কংগ্ৰেছত যোগ দিলে নৈঋতা জয়শুক্লা (Naiwritaa Joy Shukla)ই। কোন এই নৈঋতা জয়শুক্লা।
সুস্মিতা দেৱৰ পদত্যাগৰ পিছতেই গুৱাহাটীৰ ৰাজিৱ ভৱনত প্ৰদেশ কংগ্ৰেছ (APCC)ৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত কংগ্ৰেছত যোগ দিলে বৰাক উপত্যকাৰ নৈঋতা জয়শুক্লাই। যি সময়ত কংগ্ৰেছ নেতৃ সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ (TMC)ত যোগ দিছে সেই সময়তে গুৱাহাটীৰ ৰাজিৱ ভৱন (Rajiv Bhavan)লৈ আহি কংগ্ৰেছত যোগ দিছিল নৈঋতা জয়শুক্লাই। প্ৰশ্ন হৈছে সুস্মিতাৰ উত্তৰসুৰী হ'ব নেকি নৈঋতা।
সুস্মিতাৰ পিতৃ যেনেদৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যোষ্ঠ নেতা আছিল ঠিক তেনেদৰে নৈঋতা জয়শুক্লাৰ ককা হ'ল কৰিমগঞ্জ লোকসভা সমষ্টিৰ তিনিবাৰৰ কংগ্ৰেছী সাংসদ ললিত মোহন শুক্লবৈদ্য। নতুন দিল্লীত শিক্ষা সমাপ্ত কৰা নৈঋতা দিল্লীৰ ৰামজাছ কলেজ (Ramjash College, Delhi)ৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা। বাকপটু আৰু স্মাৰ্ট নৈঋতাই আগন্তুক দিনত বৰাকত কংগ্ৰেছৰ নেতৃত্ব ল'ব নেকি তাকে লৈ চৰ্চা চলিছে বৰাক উপত্যকাৰ লগতে অসমৰ ৰাজনীতিত।
জাতীয় কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত নৈঋতাই যোগদান কৰাৰ সময়ত অনুষ্ঠানত উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা, কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু সাধাৰণ সম্পাদকদ্বয় ববিতা শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্য।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 17, 2021, 22:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|