মহানগৰীৰ (Guwahati) পশ্চিম বৰাগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড।
এটা কোঠাৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম আন্তিমা গুপ্তা বুলি জানিব পৰা গৈছে।
বুধবাৰে মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোঁজ হোৱা বুলি জনাইছিল গড়চুক আৰক্ষীক। স্বামী সন্তোষ গুপ্তাই পত্নীক পৰিকল্পিতভাৱে হত্যা কৰি নাটকীয় ৰূপ দিবলৈ প্ৰচেষ্টা চলোৱাৰ সন্দেহ কৰা হৈছে।
সন্তোষ গুপ্তাই পত্নী আন্তিমা গুপ্তাক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰাখিছিল সন্তোষ গুপ্তাৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ ৰান্ধনীঘৰত।
বৃহস্পতিবাৰে নিশা দেৱযানী দাসে তেওঁৰ স্বামীৰ সৈতে গড়চুক আৰক্ষী থানাত হাজিৰ হৈ তেওঁলোকৰ ৰান্ধনী ঘৰত সন্তোষ গুপ্তাই তেওঁৰ পত্নীৰ মৃতদেহটো লুকুৱাই ৰখাৰ কথা জনায়।
সন্তোষ গুপ্তাই হত্যাকাণ্ডৰ ঘটনাটো লুকুৱাই ৰাখিবলৈ নিৰ্দেশ দিছিল দেৱযানী দাসক। নিশা ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটোৰ লগতে এটা মোবাইল ফোন। আৰক্ষীয়ে সোধা–পোছাৰ বাবে আটক কৰিছে দেৱযানী দাস আৰু তেওঁৰ স্বামীক।
ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰী সন্তোষ গুপ্তাক। ধৃত সন্তোষ গুপ্তা পেছাত এগৰাকী চাৰ্টাৰ একাউণ্টেণ্ট। আন্তিমা গুপ্তাৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ ৭ বছৰ হৈছিল যদিও তেওঁলোক আছিল নিঃসন্তান।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|