গুৱাহাটী পৌৰ নিগম আৰু APDCL ৰ সতে হোৱা এক বুজাবুজি মৰ্মে গুৱাহাটী পৌৰ নিগম এলেকাত বিদ্যুৎ সংযোগ কৰিবলৈ লাগিব হোল্ডিং নম্বৰ ৷ হোল্ডিং নম্বৰ অবিহনে পৌৰ নিগম এলেকাত ল'ব নোৱাৰিব বিদ্যুৎ সংযোগ, এই কথা প্ৰকাশ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ ৷
একেদৰে পূৰ্বে বিদ্যুৎ গ্ৰাহকে যদি বিদ্যুৎ সংযোগৰ সময়ত হোল্ডিং নম্বৰ সংলগ্ন কৰা নাই তেন্তে অচিৰেই সংযোগ কৰাৰ আহ্বান মেয়ৰৰ ৷ সম্পত্তি কৰ সংগ্ৰহৰ বিশেষ লক্ষ্য লৈ অভিযানত নমা পৌৰ নিগমৰ লক্ষ্য অনাদায় ১০০% সম্পূৰ্ণ অনাদায় কৰ সংগ্ৰহ ৷ ইয়াৰে এই পৰ্য্যন্ত ৮৪ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে নিগম ৷ য'ত ৪৩ কোটি টকা বছৰ বছৰ অনাদায় কৰ ৰাশি ৷ জানুৱাৰী মাহৰ ভিতৰত বিশেষ ৩০% ৰেহাইত বাকী থকা ১৮৪ কোটি টকা সংগ্ৰহৰ লক্ষ্য নিগমৰ ৷ উল্লেখ্য যে এই তালিকাত ৪০ লাখ টকা পৰ্য্যন্ত কৰ অনাদায়ৰ ব্যক্তিৰ নাম থকা বুলি দাবী মৃগেন শৰণীয়াৰ ৷ পৌৰ নিগমৰ মেয়ৰ আৰু আযুক্তই সম্বোধন কৰা সংবাদ মেলতে জি২০ ক লৈ নিগমৰ কাম কাজৰ কথা স্পষ্ট কৰে ৷ মহানগৰীত নাথাকিব পুৰণি বেনাৰ, পোষ্টাৰ ৷ কদৰ্য্যৰ সৃষ্টি কৰা পুৰণি বেনাৰ পোষ্টাৰ আঁতৰ কৰাৰ লক্ষ্য ৷ একেদৰে নিৰ্মীয় মান বিল্ডিং সমূহ সম্পূৰ্ণ ঢাকি নিৰ্মাণ কাৰ্য্য কৰাৰ নিৰ্দেশ ৷ নিগম নিৰ্দেশ অমান্য কৰিলে বিহিব জড়িমনা ৷ পৌৰ নিগমে জাৰি কৰা এই নতুন নীতি নিৰ্দেশ সমূহৰ এতিয়া কি ধৰণে কাৰ্যকৰী হয় সেয়া সময়ত হে লক্ষণীয় হব ৷
Published by: Kokil Sarma
FIRST PUBLISHED : January 20, 2023, 18:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।