মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) চৰকাৰৰ হেমাহী আৰু অকৰ্মণ্যতাৰ বাবেই নিমাতীঘাটৰ দুৰ্ঘটনা (Nimatighat Boat tragedy) সংঘটিত হ'ল বুলি বিস্ফোৰক অভিযোগ সাসংদ অজিত কুমাৰ ভূঞা (MP Ajit Kumar Bhuyan)ৰ ৷ এই ঘটনাৰ বাবে সাসংদ অজিত কুমাৰ ভূঞাই দায়ী কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ৷
অজিৎ কুমাৰ ভূঞাৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ (brahmaputra)ত চলাচল কৰা ফেৰীসমূহৰ মান পৰিমাপ কৰা হয় নে? ইয়াৰ বাবে এতিয়া বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Minister Chandramohan Patowary)ক জৱাব দিহি কৰাৰ দাবী সাংসদ গৰাকীৰ ৷
অজিত ভূঞাৰ অভিযোগ যে মাথোন ধনৰ বিনিময়ত এনে কম মানৰ নাও চলিছে লুইতৰ বুকুত ৷ গুৰীয়ালৰ লাইচেন্স তথা ফেৰীৰ পাৰ্মিট টকা দি মেনেজ কৰে বুলিও অভিযোগ সাংসদ ভূঞাৰ ৷
ইপিনে ৰোপেক্স (Ropex Ship)আৰু ৰো ৰো জাহাজ (Ro Ro Ship) চলাচল নকৰা সন্দৰ্ভত প্ৰশ্ন কৰি অজিত ভূঞাই কয় যে মাথোন সজাই থবলৈ এই জাহাজসমূহ ক্ৰয় কৰা হৈছিল নেকি? আনহাতে ২০১৬ চনতে যোৰহাট-মাজুলীৰ মাজত দলং (Jorhat-ajuli Bridge)স্থাপনৰ লক্ষ্যৰে আধাৰশিলা স্থাপন হ'ল কিন্তু দলং হৈ নুথিল ৷ এইবোৰ বিজেপি (BJP) চৰকাৰৰ নাটক আখ্যা অজিৎ ভূঞাৰ ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|