শেহতীয়াকৈ ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুজি কেলেংকাৰী সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত ৷ কামৰূপ মহানগৰ জিলাৰ কেইবাটাও ফাইল হাতত লৈছে তদন্তকাৰী সংস্থাই ৷ সাংসদগৰাকীৰ এনে ফাইলৰ তদন্তৰ চলি থকাৰ মাজতে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাইছে অজিত কুমাৰ ভূঞাই ৷ সামাজিক মাধ্যমত কৰা এক মন্তব্য অনুসৰি -
"অসমৰ মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে যি কয় ক'ব পাৰিব। মোৰ বিৰুদ্ধে সকলোৰে সন্মুখত ফাইল খুলিবলৈ সুযোগ পাব। মই সাজু । ময়ো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উঠা ৰাজহুৱা অভিযোগৰ এক বৃহৎ ফাইল লৈ যাম। সকলোবোৰ ৰাজহুৱা কৰিম ৷ এইক্ষেত্ৰত সাংসদ গৰাকীৰ চৰ্ত মাথোন - অনুস্থানটোত কোনো কাট কুট নচলিব । অসমৰ ৰাইজে সকলো মুকলিকৈ দেখিব লাগিব। সকলোবোৰ লাইভ হ'ব লাগিব। সামাজিক মাধ্যমত কৰা এনে মন্তব্যৰ কথা কৈ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী সাজু নে বুলি প্ৰশ্ন সাংসদগৰাকীৰ ৷
ৰাজ্য সভাৰ সাংসদগৰাকীৰ সামাজিক মাধ্যমৰ এনে মন্তব্যৰ পাছত স্বাভাৱিকতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কি ধৰণৰ প্ৰতিক্ৰিয়া হয় সেয়া নিশ্চয় পৰবৰ্তী সময়ত লক্ষণীয় হ'ব ৷
Published by: Kokil Sarma
FIRST PUBLISHED : February 10, 2023, 20:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।