মুখ্যপৃষ্ঠা »খবৰ »অসম »মডাৰ্ন ইংলিছ স্কুল ছাত্ৰীৰ মৃত্যু, স্কুলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াইছিল ছাত্ৰীগৰাকীয়ে, তদন্ত দাবী

মডাৰ্ন ইংলিছ স্কুল ছাত্ৰীৰ মৃত্যু, স্কুলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াইছিল ছাত্ৰীগৰাকীয়ে, তদন্ত দাবী

ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ যে বিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰীগৰাকীক অযথা মানসিক হাৰাশাস্তি কৰিছিল।

ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ যে বিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰীগৰাকীক অযথা মানসিক হাৰাশাস্তি কৰিছিল।

  • Share this:

গুৱাহাটীৰ অভিজাত স্কুল মডাৰ্ন ইংলিছ স্কুলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰা (attempt to suicide) কণমানি ছাত্ৰীগৰাকীয়ে অৱশেষত চিকিৎসাধীন অৱস্থাত আজি পুৱা মৃত্যুবৰণ কৰে (Student died)। এই ঘটনাক লৈ ইতিমধ্যে স্কুল প্ৰাংগণত ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ তদন্ত বিচাৰি পৰিয়ালৰ লোকে প্ৰতিবাদ কৰি আছে।


হায়াট হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰা ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে স্কুলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াইছিল। অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত হায়াট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।


কিন্তু আচৰিতভাৱে এই ঘটনাৰ বিষয়ে নীৰৱতা অৱলম্বন কৰা দেখা গৈছিল স্কুল কৰ্তৃপক্ষক। কাহিলীপাৰাস্থিত মডাৰ্ন ইংলিছ স্কুল কৰ্তৃপক্ষক লৈ সন্দিহান পৰিয়ালৰ লোকে এই ঘটনাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ যে বিদ্যালয়ৰ অধ্যক্ষই গালি-শপনি পৰাৰ লগতে ছাত্ৰীগৰাকীক অযথা মানসিক হাৰাশাস্তি কৰি অহাৰ বাবেই তেওঁ এনে ঘটনা সংঘটিত কৰে।


একাংশ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ছাত্ৰীগৰাকী স্কুল কৰ্তৃপক্ষ তথা এগৰাকী ল'ৰাৰ পিতৃয়ে ধমক দিছিল। ধমক দিয়াৰ কাৰণ এতিয়াও স্পষ্ট নহয় যদিও এয়া ছাত্ৰীগৰাকীৰ ব্যক্তিগত বিষয় এটাক লৈ স্কুল কৰ্তৃপক্ষৰ একাংশই মানসিক চাপ দিয়াৰ বাবেই তেওঁ এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে। অৱশ্যে আৰক্ষীৰ তদন্তত এই ঘটনাৰ ৰহস্য মুকলি হ'ব।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি