ৰাজ্যৰ চৌদিশে এতিয়া কোভিডৰ সন্ত্ৰাস।কোভিডৰ সকলোপ্ৰকাৰৰ নেতিবাচক প্ৰভাৱক ৰুধিবলৈ ৰাজ্য চৰকাৰে বিশেষ তৎপৰতা অৱলম্বন কৰিছে। এনে ভয়ানক পৰিস্থিতিৰ মাজতো একাংশ লোকে সমাজৰ মংগলৰ বাবে কিছুমান ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে।
'ৰক্তদান জীৱনদান', এই মহান নীতিক সৰোগত কৰি দেওবাৰে গুৱাহাটীৰ ফাঁচী বজাৰত আয়োজন কৰা হয় এক ভ্ৰাম্যমাণ ৰক্তদান শিবিৰৰ। নৰ্থ-ইষ্ট ইলেক্ট্ৰিকেল মাৰ্চেণ্টছ এছ'চিয়েছন চমুকৈ( NEMCA)ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে ফাঁচী বজাৰৰ জেইল ৰোডত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ সহযোগত NEMCAই আয়োজন কৰা এই কাৰ্যসূচীত বহুলোকে ৰক্তদান কৰে ।
পাণবজাৰ থানাৰ যানবাহন আৰক্ষীৰ লোকক সম্বৰ্ধনাৰে উদ্বোধন কৰা এই শিবিৰটোত ৰক্তদান কৰিবলৈ অহা প্ৰতিজন ৰক্তদাতাক উপহাৰ হিচাপে NEMCAৰ তৰফৰ পৰা একোটাকৈ গছপুলি আৰু মানপত্ৰ প্ৰদান কৰা হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|