মুখ্যপৃষ্ঠা »খবৰ »অসম »বানমুক্ত মহানগৰীৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ণ মন্ত্ৰীৰ বৈঠক ! কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে বৈঠকত ?

বানমুক্ত মহানগৰীৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ণ মন্ত্ৰীৰ বৈঠক ! কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে বৈঠকত ?

শিলসাকোঁ বিলৰ দৰে প্ৰয়োজনত বাহিনী নৈৰ কাষৰ নিষ্পত্তিকৃত ম্যাদী পট্টাৰ ভূমিও অধিগ্ৰহণ কৰিব চৰকাৰে !

শিলসাকোঁ বিলৰ দৰে প্ৰয়োজনত বাহিনী নৈৰ কাষৰ নিষ্পত্তিকৃত ম্যাদী পট্টাৰ ভূমিও অধিগ্ৰহণ কৰিব চৰকাৰে !

শিলসাকোঁ বিলৰ দৰে প্ৰয়োজনত বাহিনী নৈৰ কাষৰ নিষ্পত্তিকৃত ম্যাদী পট্টাৰ ভূমিও অধিগ্ৰহণ কৰিব চৰকাৰে !

  • Share this:
কৃত্ৰিম বান সমস্যা ৰোধৰ ক্ষেত্ৰত কঠোৰ গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগ ৷ বান মুক্ত মহানগৰ গঢ়াৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু ৰাজ্য চৰকাৰ ৷

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ অধ্যক্ষতাত সোমবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ এক গুৰুত্বপূৰ্ণ বৈঠক ৷ কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়ববীয়া উপস্থিত থকা বৈঠকত মন্ত্ৰী সিংঘালে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

১৷ বেদখল আৰু নিৰ্মাণকাৰ্যৰ বাবে একাংশ এলেকাত অতিশয় ঠেক হৈ পৰিছে বাহিনী নদী, এনে স্থানসমূহ তৎকালে বেদখলমুক্ত কৰাৰ নিৰ্দেশ মন্ত্ৰী সিংঘালৰ ৷

২৷  বাহিনীৰ কাষৰ নিষ্পত্তিকৃত ম্যাদী পট্টাৰ ভূমিও অধিগ্ৰহণৰ বাবে প্ৰশাসনক নিৰ্দেশ মন্ত্ৰীৰ ৷

৩৷ গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাপনাৰো বুজ ল'লে মন্ত্ৰী সিংঘালে ৷  মহানগৰীৰ প্ৰায়বোৰ পথতে হোৱা যান-জঁটৰ সমস্যাত উদ্বিগ্নতা প্ৰকাশ ৷

৪ ৷ জল ব’ৰ্ডৰ পাইপ বহুওৱাৰ কাম-কাজ দিনে-ৰাতিয়ে কৰি তৎকালে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ ৷ গুৱাহাটী মহানগৰীৰ পথখনন ব্যৱস্থাও শৃংখলাবদ্ধ কৰাৰ নিৰ্দেশ ৷

৫৷ ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ পথ খননৰ এছ অ’ পি জাৰি কৰাৰ নিৰ্দেশ কামৰূপ [মহানগৰ] জিলাৰ উপায়ুক্তক ৷

আজিৰ বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকল, ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ তথা জল ব’ৰ্ডৰ বিষয়ববীয়াসকল, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, কামৰূপ [মহানগৰ] জিলাৰ উপায়ুক্ত আৰু সংশ্লিষ্ট প্ৰকল্পকেইটাৰ অন্যান্য অংশীদাৰী পক্ষসমূহো উপস্থিত থাকে ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি