বিগত ১৬ জানুৱাৰীৰ নিশা গুৱাহাটী মহানগৰীৰ মালিগাঁও অঞ্চলত উদ্ধাৰ হৈছিল এটি অভিভাৱকহীন কিশোৰ। জালুকবাৰী আৰক্ষী থানাৰ এটা তহলদাৰী দলে পাণ্ডু ল'ক' কলনীত তহল দি থকা অৱস্থাত এটি কিশোৰক বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰিছিল। আৰক্ষীৰ দলটোৱে শিশুটিক সোধা-পোছা কৰাত কিশোৰটিয়ে নিজৰ নাম মহম্মদ ডানিছ বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ পিতৃৰ নাম মহম্মদ ইমতাজউদ্দিন আৰু ঘৰ বিহাৰৰ লৰঙাত বুলি প্ৰকাশ কৰিছিল (PARENTLESS CHILD HAS BEEN RESCUED)।
শিশুটিৰ ভাষ্য শুনাৰ পাছতেই জালুকবাৰী আৰক্ষীয়ে চাইল্ডলাইনৰ সৈতে যোগাযোগ কৰি কিশোৰটিক নিশাই স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰাইছিল। ইফালে, স্বাস্থ্য পৰীক্ষাৰ ফলাফলত কিশোৰটিৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে (Covid Positive)। যাৰ বাবে শিশুটিক চিকিৎসাৰ বাবে ততাতৈয়াকৈ ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰিছিল।
ইয়াৰ পাছতেই জালুকবাৰী আৰক্ষীয়ে নিজৰ তৎপৰতাৰে বিহাৰত থকা পৰিয়াল তথা বিহাৰৰ লৰঙা আৰক্ষীৰ সৈতে যোগাযোগৰ চেষ্টা অব্যাহত ৰাখিছিল।
অৱশেষত আৰক্ষীয়ে কিশোৰজনৰ পিতৃ মহম্মদ ইমতাজউদ্দিনৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হয় আৰু সুদূৰ বিহাৰৰ অহা পিতৃ তথা পৰিয়ালৰ হাতত মহম্মদ ডানিছক চমজাই দিয়ে। পৰিয়ালৰ পৰা জনোৱা মতে কিশোৰটি ভুলবশতঃ ৰে'লযোগে কামাখ্যা ষ্টেচনলৈ আহিছিল। নিজৰ পুত্ৰক সুস্থ অৱস্থাত ঘূৰাই পোৱাৰ পিছত থানা চৌহদত আৱেগিক হৈ পৰে মহম্মদ ডানিছৰ পৰিয়ালবৰ্গ আৰু এই সংক্ৰান্তত জালুকবাৰী আৰক্ষী তথা চাইল্ডলাইনক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে, অভিভাৱকহীন কিশোৰটি উদ্ধাৰৰ খবৰ নিউজ18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজতো সবিস্তাৰে প্ৰকাশ হৈছিল।
Published by: Manjumoni Borah
FIRST PUBLISHED : January 29, 2022, 13:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।