এক অপ্ৰত্যাশিত ঘটনাই জোকাৰিছে গুৱাহাটী। মহানগৰীৰ অভিজাত শিক্ষানুষ্ঠান চাউথ পইণ্ট স্কুলৰ একাদশ শ্ৰেণীৰ অধ্য়য়নৰত এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বুধবাৰে সন্ধিয়া ৭ বজাত গুৱাহাটীৰ কাহিলীপাৰা অঞ্চলৰ জনৈক দাসৰ কন্যা গৰাকীয়ে আত্মহত্যা কৰে। বৰ্তমানলৈকে ছাত্ৰগাৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেই বিষয়ে জানিব পৰা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে ছাত্ৰী গৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেই বিষয়ে জানিব পৰা যাব।
চাউথ পইণ্ট স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ ঘটনাই এতিয়া কাহিলীপাৰা অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁৰ পিতৃ চতুৰ্থ অসম আৰক্ষীৰ টাস্ক ফ’ৰ্চৰ এম টি অ’।
উল্লেখ্য যে, Covid মহামাৰীৰ ফলত সৃষ্টি হোৱা জটিল সামাজিক পৰিস্থিতিৰ মাজত অসমত ৩২৪৩জন লোকে বাছি ল’লে আত্মহত্যাৰ পথ । ২০২০বৰ্ষৰ এই পৰিসংখ্যা ২০১৯বর্ষতকৈ ৩৬শতাংশ অধিক । আনহাতে সমগ্ৰ দেশতে আত্মহত্যা কৰা লোকৰ সংখ্যা হৈছে ১,৫৩,০৫২জন । অতি সম্প্রতি প্রকাশ পোৱা National Crime Record Bureauৰ The Annual Deaths and Crime Record Bureauৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য ।
প্ৰতিবেদনত প্ৰকাশ পোৱা মতে অসমত ফাঁচী লাগি আত্মহত্যা কৰা লোকৰ সংখ্যাই সৰ্বাধিক । উল্লেখযোগ্য যে, সমগ্র দেশতে শিক্ষাৰ্থী আৰু ক্ষুদ্ৰ উদ্যোগীয়ে সৰ্বাধিক আত্মহননৰ পথ বাছি লৈছে । আত্মহত্যা কৰা লোকৰ ২১শতাংশই স্কুল আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|