গুৱাহাটীৰ নিচা মুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক। চাডেন ভিজিটত নিচা মুক্তি কেন্দ্ৰৰ ভয়ংকৰ দৃশ্য দেখাৰ পিছতে আজি বৈঠকত মিলিত হৈছে মন্ত্ৰীজন। আজিয়ে নিচা মুক্তি কেন্দ্ৰৰ বাবে SOP প্ৰস্তুত কৰাৰ সম্ভাৱনা। গুৱাহাটীৰ মুঠ ৬৩ টা কেন্দ্ৰৰ স্বত্বাধিকাৰী উপস্থিত থাকে বৈঠকত। ১২ জনে নিজৰ ঘৰত চলাই থকাৰ বিপৰীতে বাকীখিনিয়ে ভাড়াত চলাই আছে।
পীযুষ হাজৰিকাই কয় যে, "এতিয়াৰ পৰা সামাজিক ন্যায় বিভাগৰ পৰা নিচা মুক্তি কেন্দ্ৰই পঞ্জীয়ন কৰিব লাগিব, লগতে স্বাস্থ্য আৰু জি এম চিৰ বিভাগৰ পৰাও কৰিব লাগিব পঞ্জীয়ন।" তদুপৰি, ২০০ বৰ্গ ফুটৰ ঘৰত ৪ জন লোকতকৈ অধিক থাকিব নোৱাৰিব।
৪০ টা নিচামুক্তি কেন্দ্ৰৰ নামত অভিযোগ পোৱা গৈছে বুলিও মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে। দুদিনৰ ভিতৰত প্ৰমাণ পত্ৰ দিয়া হব নিচামুক্তি কেন্দ্ৰৰ।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|