৮০ দশকৰ পৰা ২০১৫ চনলৈ প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে ছাঁৰ দৰে আছিল চন্দ্ৰমোহন পাটোৱাৰী। সেইগৰাকী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এতিয়াও পাহৰিব পৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক। সেয়ে অসুষ্ঠ প্ৰফুল্ল কুমাৰ মহন্তক মঙলবাৰে সপত্নীক সাক্ষাৎ কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দিছপুৰৰ আবাস গৃহত সাক্ষাৎ কৰে তথা তেওঁৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ পুৰনি দিনৰ সোঁৱৰণীৰ লগতে বৰ্তমানৰ দিনৰ কথাও পাতিলে দুয়োজন নেতাই। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে পত্নী বিশিষ্ট সাহিত্যিক ড: ৰীতা চৌধুৰীয়েও সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পত্নী ৰীতা চৌধুৰীক পাই উৎফুল্লিত প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী ড: জয়শ্ৰী গোস্বামী মহন্ত। উল্লেখযোগ্য যে ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে প্ৰফুল্ল কুমাৰ মহন্ত অসুষ্ঠ হৈছিল যদিও এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্য যথেষ্ট উন্নীত হৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : June 07, 2022, 23:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।