গুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখুৰীত অস্বাভাৱিক হাৰত মাছৰ মৃত্যুৰ ঘটনাই ৰাজ্যবাসীৰ লগতে মৰ্মাহত কৰিছিল গুৱাহাটীবাসীকো। তিনিদিন ধৰি একেৰাহে প্ৰকাণ্ড প্ৰকাণ্ড মৃত মাছ ওপঙি উঠিছিল। কিন্তু এই দুঃখবৰৰ মাজতো এটা ভাল খবৰ আছে গুৱাহাটীবাসীৰ বাবে। দীঘলীপুখুৰীত অচিৰেই বৰশী বোৱাৰ আনন্দ ল'ব পাৰিব গুৱাহাটীবাসীয়ে।
দীঘলীপুখুৰীত মাছৰ মৃত্যুৰ বুজ ল'বলৈ গৈ মন্ত্ৰী বিমল বড়াই কয় যে দীঘলীপুখুৰীক পৰ্যটকৰ বাবে আৰু অধিক আকৰ্ষণীয় কৰি তোলা হ'ব। পুখুৰীৰ পানীত অক্সিজেনৰ অভাৱ হোৱা বাবেই মাছৰ মৃত্যু হোৱা বুলি মন্তব্য কৰি বিমল বড়াই কয় যে পুখুৰীত যোৱা বছৰৰ পৰা কোনো কাৰ্যকলাপ নোহোৱা বাবেই মাছৰ মত্যু হ'ল। আগন্তুক দিনত দীঘলীপুখুৰীত বৰশী বোৱা প্ৰতিযোগিতা আয়োজন কৰা হ'ব বুলি কয় মন্ত্ৰীগৰাকীয়ে।
আজি দীঘলীপুখুৰীৰ পাৰত উপস্থিত হৈ পুখুৰীটোত মাছৰ আকস্মিক মৃত্যুৰ ঘটনা সম্পৰ্কে পৰ্যবেক্ষণ কৰাৰ লগতে ইয়াক হ্ৰাস কৰাৰ উপায় সন্দৰ্ভত মীন বিভাগ আৰু পৌৰ নিগমৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে মহানগৰবাসীৰ মনোৰঞ্জনৰ বাবে থকা ঠাই বিলাকৰ ভিতৰত দীঘলীপুখুৰীৰ আছে বিশেষ সমাদৰ। মহনগৰৰ মাজ মজিয়াত পৰ্যটকৰ হাঁহি-খিকিন্দালিৰে মুখৰিত হৈ থাকে দীঘলীপুখুৰী পাৰ। দীঘলীপুখুৰীত নৌকা চালনাৰ সুবিধা আছে। যদি আগন্তুক দিনত বৰশী বোৱা প্ৰতিযোগিতা হয় তেন্তে ইয়াৰ আকৰ্ষণ আৰু বেছি হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|