আজি আন্তৰ্জাতিক যোগ দিৱসত ভাইৰেল হৈছে এখন বিশেষ ফটো। বিশ্বৰ প্ৰায় সকলো দেশৰ অলেখ লোকে আজি ছেয়াৰ কৰিছে যোগ কৰাৰ ফটো। অসমতো মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে যোগ দিৱসৰ ফটো ছেয়াৰ কৰিছে। কিন্তু তাৰ মাজতে বিশেষভাৱে ভাইৰেল হৈছে এই ফটোখন।
১৯৮২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত শৰীৰ চৰ্চা কৰা এই ফটোখন বৰ্তমানৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ। তেওঁ নিজেই আজি ছচিয়েল মিডিয়াত এই ফটোখন ছেয়াৰ কৰি শৰীৰ চৰ্চাৰ সুফলৰ কথা উল্লেখ কৰিছে। তেওঁ হৈছে কৃষি মন্ত্ৰী অতুল বৰা।
মন্ত্ৰী অতুল বৰাই লিখিছে, "বিশ্ববিদ্যালয়ৰ দিনৰ মধুৰ নষ্টালজিয়া ! গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে প্ৰায়ে শৰীৰ চৰ্চা কৰিছিলোঁ, যাৰ অভ্যাস আৰু সুফল এতিয়াও অব্যাহত আছে। ১৯৮২ চনৰ মোৰ এই ফটোখনে বিশ্ববিদ্যালয়ৰ দিনবোৰৰ স্মৃতি সজীৱ কৰি তুলিলে।"
উল্লেখ্য যে ইয়াৰ আগতে ২০২০ চনতো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল মন্ত্ৰী অতুল বৰাই যোগ কৰাৰ ফটো।
![]()
২০২০ চনত ভাইৰেল হোৱা মন্ত্ৰী অতুল বৰাৰ যোগ কৰা ফটো।
এইবাৰো মন্ত্ৰী অতুল বৰাই যোগ দিৱসত যোগ কৰা ফটো ছেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|