মুখ্যপৃষ্ঠা »খবৰ »অসম »Mission Flood Free Guwahati: ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ লগতে আন কেইবাটাও বিভাগৰ সৈতে জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ বৈঠক

Mission Flood Free Guwahati: ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ লগতে আন কেইবাটাও বিভাগৰ সৈতে জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ বৈঠক

মন্ত্ৰী সিংহলে আজি গুৱাহাটী জল ব’ৰ্ডৰ বিষয়া সকলৰ সৈতেও এক বৈঠকত মিলিত হৈ বৃহত্তৰ গুৱাহাটী পানীযোগান আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰে আৰু কাম-কাজ সুষম গতিত আগবঢ়াই নিবলৈ কৰ্তব্যত নিয়োজিত পক্ষসমূহক নিৰ্দেশনা  প্ৰদান কৰে ৷ 

  • Share this:
গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ সমস্যাৰ পৰা সকাহ দিয়াৰ স্বাৰ্থত প্ৰয়োজনীয় সকলোধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত মন্ত্ৰীৰ জনতা ভৱনৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত ‘Mission Flood Free Guwahati’ৰ এক বৈঠকত আজি এই সম্বন্ধীয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

বাহনী নদীৰ কাষৰ কিছু কিছু অংশত হোৱা বেদখল আৰু নিৰ্মাণকাৰ্যৰ বাবে নদীখন ঠেক হৈ পানী সংবহনত হোৱা অসুবিধাৰ দিশলৈ লক্ষ্য ৰাখি অতি সোনকালে এনে স্থানসমূহ বেদখলমুক্ত কৰাৰ বাবে মন্ত্ৰী সিংহলে আজি প্ৰশাসনক নিৰ্দেশ দিয়ে ৷ ইয়াৰে কিছু কিছু ঠাই বেদখলকাৰীৰ নামত ইতিপূৰ্বে নিষ্পত্তি হোৱাৰ দিশটোলৈ লক্ষ্য ৰাখি প্ৰয়োজনসাপেক্ষে শিলসাকোঁ বিলৰ ক্ষেত্ৰত কৰাৰ দৰে এনে নিষ্পত্তিকৃত ম্যাদী পট্টাৰ ভূমিও অধিগ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ প্ৰশাসনক নিৰ্দেশ দিয়ে ৷

মন্ত্ৰী সিংহলে আজি গুৱাহাটী জল ব’ৰ্ডৰ বিষয়া সকলৰ সৈতেও এক বৈঠকত মিলিত হৈ বৃহত্তৰ গুৱাহাটী পানীযোগান আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰে আৰু কাম-কাজ সুষম গতিত আগবঢ়াই নিবলৈ কৰ্তব্যত নিয়োজিত পক্ষসমূহক নিৰ্দেশনা  প্ৰদান কৰে ৷

আজিৰ আন এক বৈঠকত মন্ত্ৰী সিংহলে গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাপনাৰ শেহতীয়া স্থিতিৰো বুজ লয় ৷ বিভিন্নধৰণৰ নিৰ্মাণকাৰ্য তথা জল ব’ৰ্ডকে ধৰি বিভিন্ন পক্ষই কৰা খননৰ বাবে গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ পথতে হোৱা যান-জঁটৰ সমস্যাত উদ্বিগ্নতা প্ৰকাশ কৰি বিশেষকৈ জল ব’ৰ্ডৰ পাইপ বহুওৱাৰ কাম-কাজ দিনে-ৰাতিয়ে কৰি তৎকালে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে ৷

একেদৰে বিভিন্ন কাম-কাজৰ বাবে প্ৰয়োজন হোৱা গুৱাহাটী মহানগৰীৰ পথ খননৰ ব্যৱস্থা শৃংখলাবদ্ধ কৰাৰ বাবে অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ এক মানক পৰিচালন ব্যৱস্থা (এছ অ’ পি) জাৰি কৰিবলৈও তেওঁ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক নিৰ্দেশ দিয়ে৷

আজিৰ বৈঠকত  গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকল, ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ তথা জল ব’ৰ্ডৰ বিষয়ববীয়াসকল, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত আৰু সংশ্লিষ্ট প্ৰকল্পকেইটাৰ অন্যান্য অংশীদাৰী পক্ষসমূহো উপস্থিত থাকে ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি