পানী পানী কৰি হাহাকাৰ কৰি থকা গুৱাহাটীবাসীক (Guwahati) খোৱাপানীকণো (Drinking Water) যোগান ধৰাত বাৰম্বাৰ ব্যৰ্থ হৈছে ইখনৰ পিছত সিখন চৰকাৰ। খোৱা পানী যোগানৰ কথা ওলালেই প্ৰতিবাৰেই নতুন তাৰিখ দি যায় মন্ত্ৰীসকলে। এইবাৰো মন্ত্ৰী অশোক সিংঘালে দিলে নতুন তাৰিখ, যেন এই তাৰখটোৰ বাবেই ৰৈ আছিল মহানগৰৰ তৃষ্ণাতুৰ লোক। তাৰিখো দিলে আঢ়ৈ বছৰৰ সময়ৰ।
গুৱাহাটীবাসীয়ে পানীৰ অভাৱৰ (Water Crisis in Guwahati) পৰা মুক্তি পাবলৈ অপেক্ষা কৰিব লাগিব আৰু আঢ়ৈ বছৰ ৷ এই মন্তব্য গুৱাহাটী মহানগৰ উন্নয়ণ প্ৰাধিকাৰী মন্ত্ৰী অশোক সিংঘাল (Minister Ashok Singhal)ৰ ৷ গুৱাহাটী মহানগৰ উন্নয়ণ প্ৰাধিকাৰী মন্ত্ৰী সলনিৰ লগে লগে সলনি হৈছে মহানগৰবাসীৰ খোৱা পানী সমস্যা সমাধানৰ ডেডলাইন ৷ পূৰ্বে ডেডলাইন আছিল ২০১৬ চন ৷ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ কাৰ্যকালত ডেডলাইন হ'লগৈ ২০২০। ইয়াৰ পিছত চৰকাৰে ২০২২ৰ ভিতৰত পানী যোগানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া গুৱাহাটী মহানগৰ উন্নয়ণ প্ৰাধিকাৰী মন্ত্ৰী অশোক সিংঘালে ডেডলাইন দিলে ২০২৪ চন ৷
মহানগৰবাসীলৈ এয়া মন্ত্ৰী অশোক সিংঘালৰ টোপ নে প্ৰতিশ্ৰুতি ৷ এই প্ৰশ্ন এতিয়া সাধাৰণ জনতাৰ ৷ কিয়নো নিৰ্বাচনী প্ৰতিশ্ৰুতিৰূপে অধিক গুৰুত্বৰে কম সময়ত পানী যোগান (Water Supply) ধৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি (BJP)য়ে ৷ সেয়ে নতুন চৰকাৰ গঠনৰ লগে লগে সমস্যা সমাধানৰ আশা কৰিছিল মহানগৰবাসীয়ে ৷ কিন্তু সেই আশাত চেচা পানী পৰিল ৷ আৰু আঢ়ৈ বছৰলৈ দূৰ নহয় পানীৰ সমস্যা ৷
প্ৰশ্ন হৈছে ২২ মাহত উৰণীয়া সেতু নিৰ্মাণ কৰি চমক সৃষ্টি কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাই নেকি গুৱাহাটীবাসীৰ পানী সমস্যাক ৷ ২০২৪ত আকৌ লোকসভা নিৰ্বাচন হ'ব। মন্ত্ৰী সিংঘালে ঘোষণা কৰা ডেডলাইনো পৰিছে নিৰ্বাচনৰ আশেপাশেই। পানী আৰু নিৰ্বাচনৰ কিবা সম্পৰ্ক আছেনে নাই সেয়া নিশ্চয় সময়ত স্পষ্ট হ'ব ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : November 18, 2021, 13:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।