জাগীৰোডলৈ অসমৰ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ (Capital City Expansion)ৰ বিষয়টোৱে উদ্বিগ্ন কৰি তুলিছে মধ্য অসমৰ জাতীয় দল-সংগঠনক ৷ অনিশ্চয়তাত পৰিছে জনজাতীয় ভূমিপুত্ৰ সকল ৷ চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ঘোষণা ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কাৰ্যসূচী ৷ ইযাৰ লগতে কেইবাটাও ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সংগঠনসমূহে ৷ সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত জাতীয় দল সংগঠনৰ যৌথ মঞ্চ গঠন ৷ ১৫ জুলাইত সোণাপুৰ, জাগীৰোড আৰু ৰহাত হ'ব পথ অৱৰোধ ৷
গুৱাহাটীৰ পৰা জাগীৰোড (Jagirod) কাগজ কললৈ সম্প্ৰসাৰিত হব অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ ৷ ইয়াৰ সমান্তৰালভাৱে গুৱাহাটীৰ পৰা জাগীৰোডলৈ নিৰ্মাণ কৰা হ'ব ৮ শাৰী যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ এই ঘোষণাৰ পিছতে জাঙুৰ খাই উঠিছে সদৌ তিৱা ছাত্ৰ সন্থা (Tiwa Student Union)কে ধৰি বিভিন্ন জাতীয় দল সংগঠন ৷
কিয়নো চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই খিলঞ্জীয়া ভূমিপুত্ৰ সকলক বিপদত পেলোৱাৰ আশংকা ৷ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ হ’লে খিলঞ্জীয়াৰ হাতত নাথাকিব ভূমিৰ অধিকাৰ ৷ ভংগ হ'ব ট্ৰাইবেল বেল্ট এণ্ড ব্লক (Tribal Belt and Block) ৷ অস্তিত্বৰ সংকটে দেখা দিব মধ্য অসমৰ জনজাতীয় লোক সকলৰ প্ৰতি ৷ সেয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে সদৌ তিৱা ছাত্ৰ সন্থাকে ধৰি আন আন জাতীয় দল সংগঠন সমূহে ৷
আনহাতে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত সদৌ অসম ট্ৰাইবেল য়ুথ লীগ, মৰিগাঁও, ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ, ডিমৰীয়া বড়ো ছাত্ৰ সন্থা, তিৱা সাহিত্য সভা, তিৱা কালচাৰেল চ’ছাইটি, তিৱা লিবাৰেশন আৰ্মী, আছু, এজেৱাইচিপি, বীৰ লাচিত সেনা, আদিবাসী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আদি মুঠ ১৩ টা জাতীয় দল সংগঠনক লগত লৈ গঠন কৰে এক যৌথ মঞ্চ ৷ যাৰ জৰিয়তে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ পোষকতা কৰে ৷ সেয়ে চৰকাৰৰ এই সিদ্ধান্ত পূনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় যৌথ মঞ্চই ৷
ইফালে যৌথ মঞ্চৰ সিদ্ধান্তত গ্ৰহণ কৰা হয় এলানি প্ৰতিবাদী কাৰ্যসূচী ৷ যাৰ অংশ হিচাপে ১৫ জুলাইত ৰূপায়ণ কৰিব পথ অবৰোধ কাৰ্যসূচী ৷ সোণাপুৰ, জাগীৰোড আৰু ৰহাত একেলগে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে যৌথ মঞ্চই ৷ ইয়াৰ পূৰ্বে ৰাজধানী সম্প্ৰসাৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'বলগীয়া এলেকা সমূহত সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰো এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ লগতে ১২ জুলাইত সোণাপুৰত বিভিন্ন দল সংগঠন আৰু বিশিষ্ট ব্যক্তি সকলৰ সৈতে এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যৌথ মঞ্চই ৷
আনহাতে ইয়াৰ পিছতো চৰকাৰী সিদ্ধান্ত বাতিল নকৰিলে ১ আগষ্টৰ পৰা ধাৰাবাহিক আন্দোলনৰো হুংকাৰ দিয়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে জাতীয় দল সংগঠন সমূহে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|