ঋণৰ ধনৰ সদব্যৱহাৰেৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰাৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগৰ আহ্বান। অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু উদ্যোগ আৰু বাণিজ্য ইত্যাদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱৰীয়ে আজি কামৰূপ জিলাৰ মাইক্ৰ'ফাইনেঞ্চ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ চেকসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে।
উল্লেখ্য যে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ জৰিয়তে মাইক্ৰফাইনেন্সৰ পৰা ঋণ গ্ৰহণ কৰোতাসকলক তিনিটা শ্ৰেণীত বিভক্ত কৰি, যি সকল ঋণ গ্ৰহণকাৰীয়ে নিয়মিত ভাৱে ঋণৰ কিস্তি পৰিশোধ কৰি আহিছে তেওঁলোকক সকাহ প্ৰদানৰ বাবে চৰকাৰে প্ৰথম পৰ্যায়ত ব্যৱস্থা লৈছে। ৰাজ্যখনৰ প্ৰায় ১১ লাখ হিতাধিকাৰী কেটেগৰী-১ত আছে আৰু কামৰূপ জিলাত প্ৰায় ৭৬ হাজাৰগৰাকী হিতাধিকাৰী কেটেগৰী-১ত আছে।
আমিনগাঁওৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত অসম চৰকাৰৰ বিত্ত বিভাগ তথা কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰাৰ পিছত জিলাখনৰ সৰ্বমুঠ ৫ হেজাৰ গৰাকী হিতাধিকাৰীক আজি সভাথলীত স্থাপিত বিভিন্ন কাউন্টাৰত চেক বিতৰণ কৰা হয়। বাকী থকা হিতাধিকাৰী সকলক ব্লক পৰ্যায়ত নিৰ্দ্ধাৰিত ধনৰাশিৰ চেক প্ৰদান কৰা হ'ব । এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে তিনিটা শ্ৰেণীত বিভক্ত কৰি ৰূপায়ন কৰিবলৈ লোৱা আঁচনিখনৰ দ্বাৰা সৰ্বমুঠ ২৪ লাখ হিতাধিকাৰী লাভাম্বিত হ’ব । কামৰূপ জিলাত প্ৰ্থম শ্ৰেণিৰ ৭৬ হাজাৰ হিতাধিকাৰী লাভাম্বিত হ’ব আৰু ইয়াৰ বাবদ ১৪০ কোটি টকা ব্যয় কৰা হৈছে বুলি তেওঁ কয় ।
Published by: Manjumoni Borah
FIRST PUBLISHED : April 30, 2022, 19:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।