গুৱাহাটীৰ চাঞ্চল্যকৰ অজিত দাস অপহৰণ কাণ্ডৰ মূল খলনায়ক কৱলদ্বীপ সিং সিদ্ধু আৰক্ষীৰ গুলীত গুলীবিদ্ধ। কাৰ্বি আংলঙত সংঘটিত হৈছে এই ঘটনা। ADGP জি পি সিঙে (GP Singh) টুইটযোগে জনালে এই কথা।
আজি কাৰ্বি আংলঙত আৰক্ষীয়ে অপহৰণকাৰীটোক গ্ৰেপ্তাৰ কৰাৰ পাছতে পলায়নৰ চেষ্টা কৰিছিল। গুৱাহাটীলৈ আনি থকা সময়তে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লৈ আৰক্ষীলৈ ফায়াৰিং কৰি পলাবলৈ চেষ্টা কৰিছিল আৰু তেতিয়াই প্ৰত্যুত্তৰত অপহৰকাৰীটোলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে। এই সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে অপহৰণকাৰীটো। বৰ্তমান কৱলদ্বীপ সিং হাস্পতালত আছে। কাৰ্বি আংলঙৰ দলদলীত সংঘটিত হৈছে এই ঘটনা।
One Kanwaldeep Singh Sidhu main accused of recent kidnapping of one Ajit Das from guwahati was apprehended today. However, during travel he snatched a police weapon and fired. In retaliatory fire he has been grievously injured and taken to hospital. @assampolice