গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰীৰ কামাখ্যাৰাম বৰুৱা মহাবিদ্যালয়ৰ পিছফালে থকা হৰিজন কলনী এলেকাত কিছু সময় পূৰ্বে এক বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
খবৰ অনুসৰি, এই পৰ্যন্ত প্ৰায় ৫০ তকৈও অধিক বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
এটা তৰ্জাৰ ঘৰৰ পৰাই জুইৰ সূত্ৰপাত হয় যদিও প্ৰকৃত কাৰণ এতিয়াও সন্দেহৰ আৱৰ্তত। অগ্নিকাণ্ডত এটাৰ পিছত আনটোকৈ ১৫ টা চিলিণ্ডাৰ বিস্ফোৰণ হৈছে।
![]()
উল্লেখযোগ্য যে, সমগ্ৰ অঞ্চলটোত সাময়িকভাৱে কৰ্তন কৰি দিয়া হৈছে বিদ্যুৎ সেৱা। ঘটনাস্থলীত আৰক্ষী আয়ুক্ত আৰু মেয়ৰ উপস্থিত হৈছে।
বৰ্তমানেও অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। এই পৰ্যন্ত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|