এদিনীয়া ভ্ৰমণসূচীৰে অসমত তৃণমূল নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী (West Bengal CM) মমতা বেনাৰ্জী (Mamata Banerjee) ৷ গুৱাহাটীত উপস্থিত হৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আশীস ললে শক্তিপীঠ কামাখ্যা ধামত ৷
মা কামাখ্যা ধামত উপস্থিত হৈ প্ৰথমে কামাখ্যা মন্দিৰ তাৰপিছত মা ধূমাৱতী মন্দিৰ আৰু বগলা মন্দিৰ দৰ্শন কৰে ৷ বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পৰা প্ৰায় ৫ ঘণ্টা সময় গুৱাহাটীত অতিবাহিত কৰে মমতা বেনাৰ্জীয়ে ৷ উল্লেখ্য যে তৃণমূল নেত্ৰীগৰাকীয়ে অসম ভ্ৰমণৰ এই সময়ছোৱাত কিন্তু সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ নকৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অসম ভ্ৰমণৰ সময়ত তেওঁক বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি জনাই দলীয়া সদস্যই ৷
Published by: Kokil Sarma
FIRST PUBLISHED : December 21, 2021, 21:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|