আগন্তুক পাঁচ মাহত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব মালিগাঁও উৰণীয়া সেঁতুৰ । ইয়াৰ লগে লগে সমাধান হ'ব গুৱাহাটীবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ । এয়া নিৰ্মিয়মান মহানগৰীৰ মালিগাঁও উৰণীয়া সেঁতুৰ দৃশ্য ।
ক্ষীপ্ৰতাৰে চলিছে সেঁতুখনৰ নিৰ্মাণকাৰ্য । লোকনিৰ্মাণ বিভাগৰ তত্বাৱধানত নিৰ্মাণ কৰি থকা হৈছে উৰণীয়া সেঁতুখন । ২ কি:মি: ৬৩০ মিটাৰ দৈৰ্ঘৰ উৰণীয়া সেতুখনৰ নিৰ্মাণৰ খৰচ ৪২০.৭৮ কোটি টকা । ঠিকাদাৰী প্ৰতিষ্ঠান SGCCL আৰু ANPL ই যুটীয়াভাৱে চলাইছে নিৰ্মাণকাৰ্য ।
আগন্তুক ৫-৬ মাহৰ ভিতৰত দলংখনৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰিছে নিৰ্মাণকাৰী সংস্থাৰ বিষয়ববীয়াই । সম্প্ৰতি উৰণীয়া সেতুখনৰ নিৰ্মাণকাৰ্য চলি থকা বাবে নিতৌ অঞ্চলটোত সৃষ্টি হৈ আহিছে তীব্ৰ যানজঁটৰ । যাৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈ আহিছে সাধাৰণ জনতাই ।
অৱশ্যে উৰণীয়া সেতুঁখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'লে সকাহ পাব মহানগৰবাসীয়ে । উল্লেখযোগ্য যে প্ৰায় ৬০০ শ্ৰমিকে দিনে ৰাতিয়ে ব্যস্ত হৈ আছে নিৰ্মাণ সম্পূৰ্ণ কৰাত ।
অন্যহাতে বান্দৰৰ উপদ্ৰৱৰ বাবেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে শ্ৰমিকসকল । কাৰণ নিৰ্মানৰ বাবে লোৰ সামগ্ৰী ওপৰলৈ উঠোৱাৰ পৰৱৰ্তী সময়ত বান্দৰে লোহাৰ ৰড আদি তললৈ পেলাই দিয়াৰ বাবে বহুকেইখন গাড়ীৰো ক্ষতি হৈছে ।
Published by: Subham Goswami
FIRST PUBLISHED : March 18, 2023, 20:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।