১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছেৰ গুলীত নিহত হৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী। জাতিৰ পিতা মহাত্মা গান্ধী হত্যাৰ ৭৫ সংখ্যক বাৰ্ষিকী সোমবাৰে গুৱাহাটীত পালন কৰে চিপিআই, চিপিআই (এম), চিপিআই (এম এল), এনচিপি, এলডিপি, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু জাতীয় দল অসমে।
মহানগৰীৰ লক্ষ্যধৰ বৰা ক্ষেত্ৰৰ বাকৰিত দুপৰীয়া ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত দল সংগঠনৰ নেতা কৰ্মীয়ে ধৰ্ম নিৰপেক্ষতা ৰক্ষা কৰক, গণতন্ত্ৰ ৰক্ষা কৰক, সংবিধান ৰক্ষা কৰক আদি শ্লোগান দিয়ে। প্ৰতিবাদত অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই, সৰভোগ সমষ্টিৰ চাৰিবাৰৰ প্ৰাক্তন বিধায়ক হেমেন দাস, প্ৰাক্তন বিধায়ক মুনিন মহন্তৰ লগতে আন বহু সংখ্যক নেতাই। মহাত্মা গান্ধীৰ মৃত্যু দিনটো চৰকাৰে শ্বহীদ দিৱস পালন কৰা কাৰ্যক সমালোচনা কৰে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে। হীৰেন গোহাঁইৰ মতে বিজেপি চৰকাৰে মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰা দিনটোক শ্বহীদ দিৱস হিচাপে অনুষ্ঠিত কৰি ইতিহাস বিকৃত কৰিব বিচাৰিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : January 30, 2023, 16:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|