২২ৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচী মেলা। অম্বুবাচী মেলাক লৈ ইতিমধ্যে প্ৰস্তুতি চলাই আছে দেৱালয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনে। অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।
অম্বুবাচী মেলাক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘অম্বুবাচী মেলা উপলক্ষে ফাঁচীবজাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী আবাস।
ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰত ভক্তৰ বাবে নিৰ্মাণ কৰা হৈছে আবাস। ভক্তৰ বাবে থকা আৰু পাৰ্কিঙৰ সকলো দিশ আলোচনা কৰা হৈছে বিভিন্ন বিভাগৰ লগত। পাহাৰৰ ওপৰত এইবাৰ নহ’ব কোনো কেম্প।’’
৩০ হাজাৰ লোকৰ থকাৰ টাৰ্গেট কৰি ব্যবস্থা গ্ৰহণৰ নিৰ্দেশ জয়ন্ত মল্ল বৰুৱাৰ। সোণাৰাম ফিল্ডতো থকাৰ লগতে পাৰ্কিং দুয়োটা ব্যবস্থা কৰাৰ চিন্তা–চৰ্চা। অনান্য স্থানসমূহ পৰিদৰ্শন কৰি গ্ৰহণ কৰিব সিদ্ধান্ত। এইবাৰ অম্বুবাচী মেলাত স্বচ্ছতাৰ ক্ষেত্ৰত দিয়া হ’ব অধিক গুৰুত্ব।
ISBT আৰু দুয়োটা ৰে’লৱে ষ্টেচনত
বাছৰ ব্যৱস্থা কৰা হ’ব। প্ৰথম পৰ্যায়ত ৮০খন বাছৰ ব্যৱস্থা কৰা হ’ব, প্ৰয়োজনত বৃদ্ধি কৰা হ’ব। কেৱল ফেৰী কাৰ থাকিব জ্যেষ্ঠ লোকসকলৰ বাবে। কোনো ভি আই পি আৰু ভি ভি আই পি পাছ নাথাকিব। ৰাস্তাসমূহত ধৰি উঠাৰ বাবে ৰেলিঙত ব্যৱস্থা কৰা হ’ব।
পূৰ্বৰ দৰে জাক জমকতা নহয় এইবাৰৰ অম্বুবাচী মেলাত। নাথাকিব কোনো ধৰণৰ উদ্বোধনী অনুষ্ঠান। নাথাকিব কোনো ধৰণৰ ভি আই পি, ভি ভি আই পি পাছ। এই কথা সদৰি কৰিলে জয়ন্ত মল্ল বৰুৱাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|